দেশৰ লকডাউনৰ সময়ত কি কি সুবিধা চলি থাকিব আৰু কি কি বন্ধ থাকিব

Pic

সমগ্ৰ বিশ্বতে সম্প্ৰতি ক'ৰ’না ভাইৰাছৰ আতংকই বিৰাজ কৰিছে। তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে তিনি সপ্তাহৰ কাৰণে দেশত তলাবন্ধ ঘোষণা কৰিছে।এই তলাবন্ধৰ সময়ত জনতাৰ সুবিধাৰ্থে কি কি প্ৰতিষ্ঠান খোলা থাকিব,সেই সম্পৰ্কে চৰকাৰে এখন নিৰ্দেশনা জাৰি কৰিছে৷ তলাবন্ধত চৰকাৰী নিৰ্দেশনা-- ভাৰত চৰকাৰ,ইয়াৰ অধীনষ্ঠ আৰু ৰাজহুৱা নিগমৰ সকলো কাৰ্যালয় বন্ধ থাকিব ৷ ৰাজ্য চৰকাৰ,কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ,তেওঁলোকৰ স্বায়ত্ত্বশাসিত পৰিষদসমূহ,নিগম আদি বন্ধ থাকিব ৷ বাণিজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠান বন্ধ থাকিব ৷ ঔধ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব ৷ সকলো পৰিবহণ ব্যৱস্থা-বিমান,ৰেল পথ যোগাযোগ বন্ধ থাকিব ৷ হোটেল আদি বন্ধ থাকিব ৷ সকলো শিক্ষা,প্ৰশিক্ষণ,গৱেষণা,কোচিং প্ৰতিষ্ঠান বন্ধ থাকিব ৷ সকলো ধৰণৰ ৰাজহুৱা উপাসনাস্থল বন্ধ থাকিব। কোনো ধৰ্মীয় সমাৱেশৰ অনুমতি দিয়া নহ’ব ৷ মৃতদেহ সৎকাৰৰ বাবে ২৫ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ যিসকল লোক ১৫ ফ্ৰেব্ৰুৱাৰীৰ পিছত ভাৰতত উপস্থিত হৈছে আৰু এনে সকলো লোক,যিসকলক স্বাস্থ্য সেৱাকৰ্মীয়ে ঘৰ আৰু প্ৰতিষ্ঠানত কোৱাৰেন্টেইন হৈ থাকিবলৈ কৈছে তেওঁলোকক এই নিৰ্দেশ অমান্য কৰিলে ন্যায়িক শাস্তিৰ সন্মুখীন হ’ব৷ এই পদক্ষেপ বলৱতৰ বাবে কাৰ্যবাহী দণ্ডাধীশক স্থানীয়ভাৱে নিয়োগ কৰা হ’ব ৷ সকলো বলৱৎকাৰী বিষয়াই এই কথা লক্ষ্য ৰাখিব যে সমস্ত কঠোৰ নিষেধাজ্ঞা মানুহৰ চলাচলৰ বাধাৰ বাবে অথবা জৰুৰীকালীন সামগ্ৰীৰ প্ৰতি নহয় ৷ ২৫ মাৰ্চৰ পৰা ২১ দিন দেশজুৰি এই নিষেধাজ্ঞা বাহাল থাকিব৷ আনহাতে,তলাবন্ধত ৰেহাই পাব নিম্নোল্লিখিত সেৱাসমূহে প্ৰতিৰক্ষা,কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী,কোষাগাৰ,ৰাজহুৱা ব্যৱহাৰযোগ্য সা- সুবিধাসমূহ,(পেট্ৰলিয়াম,চিএনজি,এলপিজি,পিএনজিকে)দুৰ্যোগ ব্যৱস্থাপনা,শক্তি উৎপাদন বিতৰণ,ডাকঘৰ,এনআইচি,আগতীয়া সতৰ্কবাণী দিয়া সংস্থাসমূহ৷ আৰক্ষী,গৃহৰক্ষী বাহিনী,অসামৰিক প্ৰতিৰক্ষা,অগ্নি আৰু জৰুৰীকালীন সেৱা,দুৰ্যোগ ব্যৱস্থাপনা আৰু কাৰাগাৰ ৷ জিলা প্ৰশাসন আৰু কোষাগাৰ ৷ বিদ্যুৎ যোগান। পানী। চাফাই কৰ্মী। খাদ্য সামগ্ৰী,গেলামাল,ফলমূল আৰু শাক-পাচলি,দুগ্ধজাত সামগ্ৰী,গাখীৰ বিক্ৰী কেন্দ্ৰ,মাংস আৰু মাছ,পশু খাদ্যৰ দোকানসমূহ ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ ৰেচন দোকান ৷অৱশ্যে জিলা প্ৰশাসনে ঘৰৰ বাহিৰত মানুহৰ চলাচল হ্ৰাস কৰিবলৈ ঘৰে-ঘৰে সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিব পাৰিব ৷ বেংক,বীমা কাৰ্যালয়,এটিএম৷ ছপা আৰু ইলেক্ট্ৰনিক সংবাদ মাধ্যম ৷ প্ৰতিৰক্ষা,টেলিকমিউনিকেশ্যন,ইন্টাৰনেট সেৱা,ব্ৰডকাষ্টিং আৰু কেবল সেৱা,তথ্য প্ৰযুক্তিসম্পন্ন সেৱা,(জৰুৰীকালীন সেৱাৰ বাবে)আৰু যিমান পাৰি ঘৰৰ পৰাই কাম কৰিব লাগে ৷ খাদ্য,দৰৱ আদি চিকিৎসা সজুঁলি ই- কৰ্মাছৰ জৰিয়তে যোগানৰ ব্যৱস্থা ৷ পেট্ৰ’ল ডিপ’,এলপিজি,পেট্ৰ’লিয়াম আৰু গেছৰ খুচুৰা বিপনী আৰু গুডাম ৷ বিদ্যুৎ উৎপাদন,সৰবৰাহ আৰু বিতৰণ। প্ৰাইভেট চিকিউৰিটী সেৱা ৷ শীতল ভৰাঁল আৰু পণ্যাগাৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদন গোটসমূহ ৷ যিসমূহ উৎপাদন গোট ধাৰাবাহিকভাৱে চলি থকাটো প্ৰয়োজন,সেইসমূহে ৰাজ্য চৰকাৰৰ অনুমতি লৈ চলাব পাৰিব ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ ৷ অগ্নিনিৰ্বাপক আইন শৃংখলা আৰু জৰুৰীকালীন সেৱা৷ তলাবন্ধৰ বাবে আৱদ্ধ হৈ পৰা পৰ্যটকসকলক আশ্ৰয় দিয়া হোটেল,হোম ষ্টে,লজ আদি৷ চিকিৎসা আৰু জৰুৰীকালীন কৰ্মী,বায়ু আৰু সাগৰৰ কৰ্মী ৷ কোৱাৰেন্টেইনৰ বাবে থকা প্ৰতিষ্ঠান৷ ব্যক্তিগত আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে ৱৰ্ক ফ্ৰম হ'ম অৰ্থাৎ ঘৰৰ পৰাই কাম কৰিব লাগিব৷

Your Comments