'গংগা পানীৰে গা ধুলেও এতিয়া পৱিত্ৰ নহয় অজিত কুমাৰ ভূঞা'-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Pic

ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাই মনোনয়ন-পত্ৰ দাখিল কৰে।মনোনয়ন-পত্ৰ দাখিলৰ পিছতে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক তীব্ৰ সমালোচনা কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।শৰ্মাই কয়-'গংগা পানীৰে গা ধুলেও এতিয়া পৱিত্ৰ নহয় অজিত কুমাৰ ভূ়ঞা।'


বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনয়ন-পত্ৰ দাখিল কৰাৰ সময়তে মন্ত্ৰী শৰ্মাই জ্যেষ্ঠ সাংবাদিক ভূঞাক কটাক্ষ কৰি কয়-"তেওঁ কোনো 'কা' বিৰোধী প্ৰাৰ্থী নহয়।তেওঁ এআইইউডিএফৰ প্ৰাৰ্থীৰ হৈ অসমীয়া মানুহক বাংলাদেশীৰ ভৰিৰ তললৈ নিলে।ৰাজ্যৰ বৌদ্ধিক সমাজক কলুষিত কৰি আজমলৰ ভৰিত পৰি টিকট লৈছে ভূঞাই।"

ৰাজ্যসভাৰ তৃতীয়খন আসনৰ প্ৰাৰ্থীক কোনো কাৰণতে বিজেপি- অগপ আৰু বিপিএফে সমৰ্থন নকৰে বুলি উল্লেখ কৰি শৰ্মাই কয়-  "মোৰ দুখ লাগিছে।ৰাজ্যসভাৰ বাবেই যদি ইমান নাটক কৰিব লগীয়া আছিল,তেন্তে এআইইউডিএফত তেওঁ আগতে যোগদান কৰিব লাগিছিল।"

উল্লেখ্য যে ২৬ মার্চত হ'ব লগা ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ প্ৰথমখন আসনৰ বাবে বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন-পত্ৰ দাখিল কৰিছিল ভুৱনেশ্বৰ কলিতাই।

Your Comments