হোলীৰ মাজতে কংগ্ৰেছলৈ দু:খবৰ:৪৮ ঘণ্টাৰ ভিতৰতে পতন হ'ব মধ্য প্ৰদেশৰ কমলনাথ চৰকাৰৰ!

Pic

দেশজুৰি হোলীৰ আনন্দ-উল্লাসৰ মাজতে মধ্য প্ৰদেশত চলিছে এখন ৰাজনৈতিক নাটক।এই নাটকৰ ফল এতিয়া এয়াই ওলাইছে যে অহা ৪৮ ঘণ্টাৰ ভিতৰত পতন হ'ব পাৰে কমলনাথ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ।দৰাচলতে,আগশাৰীৰ কংগ্ৰেছ নেতা,ইউপিএ চৰকাৰৰ কাৰ্যকালৰ কেন্দ্ৰীয় মন্ত্ৰী,এসময়ত গান্ধী পৰিয়ালৰে ঘনিষ্ঠ জ্যোতিৰাদিত্য সিন্ধিয়াই বিদ্ৰোহ কৰিছে আৰু তেওঁ বিজেপিত যোগ দিবলৈ প্ৰায় মন বান্ধিছে।সিন্ধিয়াৰ শিবিৰৰ ২০ গৰাকী কংগ্ৰেছ বিধায়কে পদত্যাগ কৰিব বুলি খবৰ ওলাইছে।যদি এয়ে হয় আগন্তুক ৪৮ ঘন্টাৰ ভিতৰতে পতন হ'ব কমলনাথ চৰকাৰৰ।উল্লেখ্য যে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছে জ্যোতিৰাদিত্য সিন্ধিয়াই।

Your Comments