ৰাজ্যিক ভিত্তিত টাইকোৱাণ্ডো প্ৰতিযোগিতাত উজলিল উত্তৰ জামুগুৰিৰ নেহাৰিকা,পংকজ,নেহা

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:

যোৱা ২৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা অসম ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতাত ৩টা পদকেৰে উত্তৰ জামুগুৰিৰ টৌভঙা আৰু ৰঙাচকুৱা অঞ্চলটোলৈ বিশেষ সফলতা কঢ়িয়াই আনিছে ৩ গৰাকী কৃতিমানে।উল্লেখযোগ্য যে অঞ্চলটোৰ উত্তৰ জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ মুঠ ৩ গৰাকী বিভিন্ন শাখাৰ প্ৰতিযোগীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল।বিভিন্ন জিলাৰ পৰা কেইবা শতাধিক প্ৰতিযোগীয়ে ভাগ লোৱা প্ৰতিযোগিতাখনৰ শোণিতপুৰ জিলাৰ টৌভঙাৰ পৰা প্ৰথম স্থান তথা সোণৰ পদক দখল কৰে নেহাৰিকা দেৱী,দ্বিতীয় স্থান তথা ৰূপৰ পদক দখল কৰে পংকজ কাৰ্কীয়ে।ৰঙাচকুৱাৰ পৰা দ্বিতীয় স্থান তথা ৰূপৰ পদক দখল নেহা নেৱাৰে লাভ কৰিবলৈ সক্ষম হয়।উত্তৰ জামুগুৰি টাইকোৱাণ্ডো একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা টৌভঙা নিবাসী নাৰায়ণ শৰ্মাৰ নেতৃত্বত প্ৰশিক্ষণ প্ৰদান কৰিছিল কৃতিমান প্ৰতিযোগীসকলক।

Your Comments