হালোগাঁৱত সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা আৰম্ভ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হালোগাঁও লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত আৰু হালোগাঁঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত শনিবাৰৰে পৰা দুদিনীয়াকৈ বিশিষ্ট অভিনেতা,নাট পৰিচালক শশাংক কলিতা(চন্দন)সোঁৱৰণী সদৌ অসম 'ৰূপালীম' একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

Pic

শনিবাৰে বিয়লি চাৰি বজাৰ পৰা আৰম্ভ হোৱা একাংকিকা নাট প্ৰতিযোগিতাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু শশাংক দাস কলিতাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে তেওৰ মাতৃ নিহাৰিকা দাস কলিতাই।ইয়াৰ পিছতে নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখন উদ্বোধনী সভা অনুষ্ঠিত হয়।ন্যাসৰ সভাপতি দীপাংক দাস কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই উদ্যোক্তাসকলক কৃতজ্ঞতা জনাই কয় যে এই নাট প্ৰতিযোগিতাই অঞ্চলটোৰ উঠি অহা নৱপ্ৰজন্মক নাটক আৰু অভিনয়ৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে সমাজৰ বাবেও শুভ বাৰ্তা প্ৰেৰণ কৰিব।এই ছেগতে তেওঁ প্ৰয়াত শশাংক দাস কলিতাই নাট্য জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰদ্ধা নিবেদন কৰে।তীৰ্থাংক দাস কলিতাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা,জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই এই নাট প্ৰতিযোগিতাই অঞ্চলটোৰ নৱপ্ৰজন্মক বাৰুকৈয়ে উৎসাহিত কৰিব আৰু সাংস্কৃতিক দিশত নতুন জাগৰণ আনিব বুলি আশা প্ৰকাশ কৰে।ভাষণ প্ৰসংগত তেওঁলোকে সময়ে-সময়ে নাট কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে এটা উন্নত মানৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ পোষকতা কৰে।ইফালে,নাট প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰি বিশিষ্ট অভিনেতা সুজিত শৰ্মাই শশাংক দাস কলিতা(চন্দন)ৰ নাটক আৰু অভিনয়ৰ প্ৰতি থকা আগ্ৰহ তথা দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি এই একাংকিকা নাট প্ৰতিযোগিতা সাফল্যমণ্ডিত কৰাৰ বাবে নাট্যপ্ৰেমী ৰাইজৰ লগতে প্ৰতিযোগী নাট্য দলসমূহলৈ আহ্বান জনায়।সন্ধিয়া ছয় বজাত হালোগাঁঁও আঞ্চলিক নাট্য সন্মিলনে ড° জগদীশ পাটগিৰি ৰচিত আৰু ৰমেন দাস পৰিচালিত তথা শংকৰ মাধৱ কলিতা আৰু মাণিক কলিতাৰ পৰিকল্পনাত 'অভিযাত্ৰা' নামৰ নাটখনেৰে শনিবাৰে একাংকিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰৰ। মুঠ কুৰিটা নাট্যদলে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

Your Comments