নলবাৰীৰ কৈৰাৰাত শ্ৰীশ্ৰী চণ্ডী যজ্ঞৰ আয়োজন

Pic

বৰভাগৰ পৰা সঞ্জয় দাস:

Picনলবাৰী জিলাৰ কৈৰাৰাত বিশ্ব শান্তি আৰু মানৱ কল্যাণাৰ্থে অহা ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ দ্বিবিংশতিতম বাৰ্ষিক সাৰ্ব্বজনীন শ্ৰীশ্ৰী চণ্ডী যজ্ঞৰ আয়োজন কৰা হৈছে।কাৰ্য্যসূচী অনুসৰি ১ মাৰ্চৰ পুৱা ৮বজাত চাফাই কাম,৯বজাত যজ্ঞৰ পতাকা উওোলন,৩ বজাত স্মৃতি তৰ্পণ,৪ বজাত বন্তি প্ৰজ্বলন,সন্ধিয়া ৬ বজাত যজ্ঞ উদ্বোধন,সন্ধিয়া ৭ বজাত যজ্ঞৰ অধিবাস।২মাৰ্চৰ পুৱা ৭বজাত সমূহীয়া চাফাই,৮বজাত মঙ্গলাচৰন,১০বজাত পানী তোলন,১২বজাত আহুতি প্ৰদান,১বজাত নিৰ্মালি প্ৰদান,সন্ধিয়া ৬বজাত আৰতি প্ৰদান,৭বজাত নাগাৰাৰ নাম প্ৰদৰ্শন।৩ মাৰ্চৰ পুৱা ৭বজাত সমূহীয়া চাফাই,৮ বজাত মঙ্গলাচৰন,৮-৩০বজাত বেদ পাঠ,৯বজাত আহুতি প্ৰদান,১বজাত পূৰ্ণাহুতি,মহাশান্তি আৰু প্ৰসাদ বিতৰন,আবেলি ৪ বজাত যজ্ঞৰ সামৰণি পৰিব।কৈৰাৰাৰ দ্বিবিংশতিতম বাৰ্ষিক শ্ৰীশ্ৰী চণ্ডী যজ্ঞ উদযাপনৰ বাবে প্ৰবীন কলিতাক সভাপতি,সুৰেশ গোস্বামীক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি তথা সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

Your Comments