হাজোত বিশিষ্ট শিক্ষাবিদ প্ৰমোদ চন্দ্ৰ মেধিৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

কৰ্ম-দক্ষতা আৰু সামাজিক দায়বদ্ধতাই একো একোজন ব্যক্তিক সদায় অমৰ কৰি ৰাখিব পাৰে।তেওঁ মৃত্যুৰ পাছতো যেন মানুহৰ মনত জীয়াই থাকে।তেনে এগৰাকী ব্যক্তি হ'ল হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত প্ৰমোদ চন্দ্ৰ মেধি।এই গৰাকী মহান ব্যক্তিয়ে যোৱা ২৪ জানুৱাৰীত এই সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় লয়।নিজ হাজো শান্তিপুৰ নিবাসী বিশিষ্ট শিক্ষাবিদ,লেখক তথা সমাজকৰ্মী প্ৰমোদ চন্দ্ৰ মেধিৰ স্মৃতিত শনিবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।বিষ্ণুৰাম মেধি শিশু কল্যাণ ভৱন সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰয়াত মেধিৰ সহধৰ্মিণী মনোৰমা মেধিয়ে আৰু তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পুত্ৰ নিলোৎপল মেধিয়ে।বিষ্ণুৰাম মেধি ভৱন সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক দ্বীজেন ভৰালীয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি তথা স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে অৱসৰী মুখ্য বন সংৰক্ষক মোহন চন্ৰ মালাকাৰে।এই অনুষ্ঠানত উপস্থিত থাকি হৰেকৃষ্ণ ভৰালী,হাজো ৰাইজৰ সভাপতি গোলোক ওজা,জ্যেষ্ঠ সাংবাদিক- লেখক সমীন কলিতা,হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে সুধীৰ কুমাৰ দাস,শ্ৰীপ্ৰকাশ দাস,সমাজকৰ্মী শৰৎ নায়ক,বীৰেন্দ্ৰ দাস,মহিম দাস,হেমন্ত বৈশ্য, প্ৰদীপ কলিতা,সীমা বেহেনা,কিচিন দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সমাজকৰ্মী তথা শিক্ষাবিদগৰাকীৰ কৰ্মময় জীৱনত আলোকপাত কৰি তেওঁৰ স্মৃতিচাৰণ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। উল্লেখ্য যে,১৯৪৫ চনত হাজোত জন্মগ্ৰহণ কৰা প্ৰমোদ চন্দ্ৰ মেধিৰ ২৪ জানুৱাৰীত বৃক্ক ৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছিল।

Your Comments