এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা বিদেশীৰ তথ্য বিচাৰি জিলা উপায়ুক্তলৈ নিৰ্দেশনা সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

Pic

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বভাৰ গ্ৰহন কৰিয়েই ইটোৰ পিছত সিটো নতুন নিৰ্দেশনা নৱনিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ।শুকুৰবাৰে সমন্বয়ক শৰ্মাৰ স্বাক্ষৰ সম্বলিত এটা নিৰ্দেশনাত উল্লেখ আছে- "২০১৯ৰ ৩১আগষ্টত প্ৰকাশ হোৱা NRCত কিছু অযোগ্য (Ineligible Persons) লোকৰ নাম অন্তৰ্ভুক্ত হোৱা দৃষ্টিগোচৰ হৈছে৷" ইয়াৰ উপৰিও তেওঁৰ স্বাক্ষৰিত  পত্ৰখনত উল্লেখ আছে "NRCত অন্তৰ্ভুক্ত নহ'বলগীয়া তেনে লোকৰ তালিকা আপোনালোকে ইতিমধ্যে আমাক দিছে৷আপোনালোকে দিয়া সেই তালিকাখনত থকা সন্দেহযুক্ত লোকসকলৰ সম্পূৰ্ণ তথ্য প্ৰদানৰ অনুৰোধ জনোৱা হ'ল৷কিয়নো সেইসকল লোকৰ নাম কিদৰে NRCত সোমাল সেয়া ৰহস্যজনক৷"সেই বিষয়টোৰে আঁঁত ধৰি সমন্বয়ক শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ উপাযুক্তক বিষয়টো গুৰত্ব সহকাৰে লৈ অতি শীঘ্ৰে তথ্য প্ৰদান কৰিবলৈ স্পষ্ট নিৰ্দেশ দিছে ৷ 

উল্লেখ্য যে জিলা উপাযুক্তসকলৰ পৰা যিসমূহ তথ্য ৰাজ্যিক সমন্বয়কে লাভ কৰিব সেই তথ্য সমূহ ভাৰতৰ মহাপঞ্জীয়কক অৱগত কৰাব ৷ 

গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰকাশিত এনআৰচিক লৈ সন্তুষ্ট নাছিল শাসকীয় বিজেপি।অসম বিধানসভাৰ মজিয়াত বিষয়টোৱে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন দল- সংগঠনে প্ৰকাশিত এনআৰচিত লাখ লাখ অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি  দাবী কৰি আহিছে।তাৰ মাজতে সমন্বয়কগৰাকীৰ পত্ৰই আলোড়নৰ সৃষ্টি কৰিছে সচেতন মহলত।বহুতেই সমন্বয়কগৰাকীৰ এই নিৰ্দেশনাটোক বিদেশী মুক্ত এনআৰচিৰ ক্ষেত্ৰত এটা সবল খোজ দিয়া বুলি অভিহিত কৰিবলৈ বিচাৰিছে।

Your Comments