জালুকবাৰী সমষ্টিৰ পূব বংশৰত জলসিঞ্চন বিভাগৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

Pic

মৃণাল ডেকা,শুৱালকুছি:

ৰাজ্যক দুৰ্নীতিমুক্ত কৰাৰ শ্লোগানেৰে শাসনত বহা বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনতো সলনি ন’হল দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ স্বভাৱ।যাৰ ফলত চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিচতো একাংশ বিষয়াই একেখন চকীত বহিয়েই চলাই গৈছে দুৰ্নীতিৰ বজাৰ।অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ পূব বংশৰ মৌজাৰ পছৰীয়া আৰু ১ নং কিছমৎ বংশৰৰ কদমতলী অঞ্চলত বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ কৃষক ৰাইজৰ উদ্দেশ্যে ২০১৪ চনতে কংগ্ৰেছ চৰকাৰৰ দিনত ৰূপায়ণ কৰা হৈছিল কেইবা কোটি টকীয়া জলসিঞ্চন আচঁনি। এই আচঁনিৰ জৰিয়তে নিম্নমানৰ কাম কৰি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে সেইসময়তে ৬টা কিষ্টিত কেইবা কোটি টকা মোকলাই নিয়াৰ অভিযোগ উঠিছিল।সেই একেই কামত শেহতীয়াভাৱে ২০১৪ চনৰ পৰাই বন্ধ হৈ থকা আচঁনিখন পুনৰ আৰম্ভণি কৰি এইবাৰো আশ্ৰয় লৈছে দুৰ্নীতিৰ।পুনৰ কামৰ আৰম্ভণিতে বিসংগতি আৰু নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই।

Pic

পছৰীয়া দলৰ পথাৰত বোকাপানীৰ ওপৰতে ইটা পাৰি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি প্ৰকল্পটোৰ কেনেল নিৰ্মাণ কৰিছে।আনহাতে,গন্ধমৌ পঞ্চায়তৰ ১ নং কিছমৎ কদমতলীত নিৰ্মাণ কৰা অংশত বৃহৎ ফাঁট মেলিছে,একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সহযোগত অসাধু ঠিকাদাৰে বৃহত্তৰ পূব বংশৰৰ পছৰীয়া আৰু ১ নং কিছমৎ বংশৰৰ অঞ্চলত ৰাইজৰ আশাত চেঁচা পানী ঢালি জলসিঞ্চনক ধনসিঞ্চনলৈ পৰিণত কৰিছে বুলি একাংশ কৃষক ৰাইজে অভিযোগ কৰিছে।এই সন্দৰ্ভত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা ২নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দিবাকৰ কলিতাই কৃষক ৰাইজক উপকৃত কৰাৰ উদ্দেশ্যেৰে চৰকাৰে ৰূপায়ণ কৰা জলসিঞ্চন আচঁনিৰ জালুকবাৰী সমষ্টিত ব্যাপক দুৰ্নীতিৰ পয়োভৰ দেখা গৈছে বুলি অভিযোগ কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে সততে দুৰ্নীতিমুক্ত চৰকাৰৰ শ্লোগান দিয়া বিজেপিৰ চৰকাৰৰ দিনতেই এতিয়া বৃদ্ধি পাবলৈ ধৰিছে দুৰ্নীতি।কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতি কৰাসকলকে বিজেপি চৰকাৰে এতিয়া বৰপীৰা পাৰি আদৰি আনি দুৰ্নীতিৰ লগত সহবাস কৰিবলৈ ধৰিছে । গতিকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই অতি শীঘ্ৰেই বৃহত্তৰ পূব বংশৰ অঞ্চলৰ পছৰীয়া আৰু ১ নং কিছমৎ বংশৰৰ খেতিপথাৰত জলসিঞ্চন বিভাগে কোটি টকা খৰছ কৰি কৃষকসকলৰ বাবে নিৰ্মাণ কৰি থকা পথাৰৰ পানী যোগান আচঁনিৰ প্ৰকল্পৰ দুৰ্নীতি ৰোধ কৰাৰ বাবে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক দাবী জনাইছে।

Your Comments