আজি সৰুসজাই ষ্টেডিয়ামত ফিল্মফেয়াৰ এৱাৰ্ডছ:গুৱাহাটী উজলাই তুলিছে বলীউডৰ তাৰকাই

Pic

আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত হ'ব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান।এই উপলক্ষে মহানগৰীত শুকুৰবাৰে উপস্থিত হয়হি বলীউডৰ বহুকেইগৰাকী তাৰকা।শুকুৰবাৰে মহানগৰীত উপস্থিত হয়হি মাধুৰী দীক্ষিত,ৰণবীৰ সিং,কাৰ্তিক আৰয়ান,কৰণ জোহৰ,আয়ুস্মান খুৰানা আদি তাৰকাসকল।শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হয় ছুপাৰষ্টাৰ অক্ষয় কুমাৰ।অক্ষয় কুমাৰে বঁটা প্ৰদান অনুষ্ঠানটোত প্ৰদৰ্শন কৰিব লগীয়া নৃত্যানুষ্ঠানৰ  শনিবাৰে পুুৱালৈকে অনুশীলন কৰে।ইফালে,শনিবাৰে পুৱা কামাখ্যা দেৱালয়ত পূজা-অৰ্চনা কৰে কৰণ জোহৰ,বৰুণ ধাৱান,আয়ুস্মান খুৰানাই।

Your Comments