মৰিগাঁৱত কাঠফুলাৰ দৰে গঢ়ি উঠা ৩ বিত্তীয় প্ৰতিষ্ঠানক ঘেৰাও কৰি উত্তাল প্ৰতিবাদ ৫ তিৱা জাতীয় সংগঠনৰ

Pic

মৰিগাঁৱৰ পৰা  জিতুমণি নাথ:

মৰিগাঁৱত কাঠফুলাৰ দৰে গঢ়ি উঠা বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ বেংক প্ৰতিষ্ঠানসমূহক শীঘ্ৰেই বন্ধ কৰাৰ দাবীত শুকুৰবাৰে বিত্তীয় প্ৰতিষ্ঠানক ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৫ তিৱা জাতীয় সংগঠনে।তিৱা সংগঠন কেইটাই ঘেৰাও কৰা মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানকেইটা হৈছে বন্ধন বেংক,আৰোহণ আৰু ইউনাইকো। সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মসিং বৰদলৈ,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চেনিৰাম মালাং,সদৌ তিৱা মহিলা সন্থাৰ সভানেত্ৰী জোনালী মিথি সম্পাদিকা টুটুমনি ডেকাৰজা,তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দিলীপ বৰদলৈ সাধাৰণ সম্পাদক ৰত্নেশ্বৰ দেউৰী,তিৱা সাংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰ্খ,সম্পাদক বকিন্দ্ৰ মচৰং আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ সভাপতি আনন্দ পাতৰ,সম্পাদক চিজয় দেউৰীৰ নেতৃত্বত বিত্তীয় প্ৰতিষ্ঠানসমূহ ঘেৰাও কাৰ্য্যসুচীত তিনি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।প্ৰতিবাদকাৰীসকলৰ অভিযোগ গ্ৰামাঞ্চলৰ সৰলমনা দৰিদ্ৰ পৰিয়ালৰ জনজাতীয় মহিলাক আত্ম সহায়ক গোটৰ নামত প্ৰদান কৰা ঋণ ঘৰুৱা আৰ্থিক    দৈন্যতাৰ বাবে পৰিশোধ কৰিব নোৱাৰাত মানসিক ভাৰসাম্য হেৰুৱাই অকাল মৃত্যুক সাৱটি লোৱা,ঋণ প্ৰদান কৰা বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীয়ে আৰ্থিক দৈন্যতাৰ যসুযোগ গ্ৰহন কৰি একাংশ সুবিধাবাদী বিষয়া-কৰ্মচাৰীয়ে মহিলাৰ শ্লীলতা হানিৰে অনৈতিক আৰু অসামাজিক কাৰ্যত জড়িত হ'বলৈ বাধ্য কৰোৱাৰ আদি গুৰুতৰ অভিযোগ তোলে। মাইক্ৰ'ফাইনেন্সসমূহে সৃষ্টি কৰা এই বিভীষিকাময় পৰিৱেশ-পৰিস্থিতি বন্ধ কৰি গ্ৰামাঞ্চলত সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি মন্তব্য কৰে।ইফাালে,উক্ত প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত যোৱা ৫ ফেব্ৰুৱাৰীত ৫ তিৱা জাতীয় সংগঠনে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত      শুকুৰবাৰে  উক্ত প্ৰতিষ্ঠানসমূহ ঘেৰাও কাৰ্য্যসুচী গ্ৰহণ কৰে তিৱা জাতীয় সংগঠনকেইটাই।

Your Comments