ভাৰত চৰকাৰৰে শান্তি আলোচনা কৰিবলৈ পৰেশ বৰুৱাক আহ্বান ১০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ

Pic

ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তিৰ পিছতে অধিক চর্চা লাভ কৰিছে  সংযুক্ত মুক্তি বাহিনী,অসম চমুকৈ আলফাৰে আলোচনাৰ প্ৰসংগই।ব'হাগ বিহুৰ আশে-পাশে ভাৰত চৰকাৰৰে আলোচনাত আলফা(স্বা)ই অংশগ্ৰহণ কৰাৰ এটা খবৰে প্ৰচাৰ লাভ কৰাৰ সময়তে বুধবাৰে ৰাজ্যৰ ১০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে আলফা(স্বা)ৰ সেনা প্ৰধান পৰেশ বৰুৱাক চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশগ্ৰহণ কৰিবলৈ মুকলি আহ্বান জনায়।"ভাৰত চৰকাৰে কোনো চৰ্ত নাৰাখি অভিভাৱকৰ দায়িত্ব পালন কৰি আলোচনা কৰি ৪০ বছৰ জোৰা সশস্ত্ৰ সংগ্রামৰ এক গঠনমূলক সমাধান কৰক"-জাতি-জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চৰ হৈ কয় সদৌ অসম মটক যুৱ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়াই।

গুৱাহাটী প্ৰেছ ক্লাবত জনগোষ্ঠীয় সংগঠনসমূহে একত্ৰিত হৈ সম্বোধন কৰা সংবাদমেলখনত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে চৰকাৰক আহ্বান জনায় কয়-"আকোঁৰগোজ মনোভাৱ পৰিহাৰ কৰি স্বাধীন অসমৰ বিষয়তো আলোচনা কৰক।সপক্ষে-বিপক্ষে যুক্তি শুনক।কাৰণ আলোচনা কৰিলে স্বাধীন অসম দিব লাগিব বুলি তেনে কোনো কথা নাই।"

জাতিৰ স্বাৰ্থত গোপন আলোচনাৰ পৰিৱৰ্তে মুকলি আলোচনা বিচৰা বুলি উল্লেখ কৰি আৰু গগৈয়ে কয়-"আলোচনা অসমবাসীৰ চকুৰ আগত হওঁক।

"পলম নকৰি আলোচনা ব'হাগ মাহৰ ভিতৰত সম্পূৰ্ণ কৰক।অসমত শান্তি ঘূৰাই আনক।কাৰণ,অসম দ্বিতীয় কাশ্মীৰ আৰু ত্ৰিপুৰা হ'বলৈ গৈ আছে।গতিকে তাৰ বাবে সোনকালে হওঁক আলোচনা।ৰাজ্যৰ গণ্য-মান্য ব্যক্তি,দল-সংগঠনক  লৈ আলোচনা আগবঢ়াই নিবলৈ গঠন কৰক পিচিপিআই।"-গগৈয়ে কয়।

সংগঠনকেইটা বক্তব্য প্ৰকাশ কৰে-"চাৰি দশক ধৰি ৰাজ্যত  চলি থকা ৰক্তাক্ত সংঘাত নিৰ্মূল কৰিবলৈ এতিয়াই যদি ব্যৱস্থা লোৱা নহয়,তেন্তে লাহে লাহে অসমৰ মাটি,ভেটি সকলো নোহোৱা হৈ যাব।খিলঞ্জীয়াৰ পৰা সকলো অধিকাৰ অনা-অসমীয়াই কাঢ়ি নিব।সেই কথা লক্ষ্য ৰাখি ৰক্তাক্ত অসমত এতিয়া শান্তিৰহে প্ৰয়োজন।"

সদৌ ডিমাছা ছাত্র সন্থাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলাই তাৎপৰ্যপূৰ্ণভাৱে কয়- "৪০ বছৰে সংগ্ৰাম কৰি বহুলোকে প্ৰাণ হেৰুৱাৰ লগতে আন বহু লোক ঘূণীয়া হৈছে।পৰেশ বৰুৱা যদি ঘূৰি আহি এই সময়তে আলোচনাত নবহে,তেন্তে আমি ইতিমধ্যে যি মাটি-ভেটি হেৰুৱাইছোঁ, তাতকৈ আৰু হেৰুৱাৰ ভয় থাকে।গতিকে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আলফাৰ সৈতে আলোচনা কৰিবলৈ।"

উল্লেখযোগ্য যে সংবাদমেলত সদৌ অসম গৰীয়া মৰিয়া দেশী জাতি পৰিষদ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম হাজং ছাত্র সন্থা,সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থা,সদৌ অসম মদাহী জনজাতি ছাত্র সন্থা,সদৌ অসম নাথ যোগী ছাত্র সন্থা আৰু কলিতা জনগোষ্ঠী সন্মিলনৰ বিষয়ববীয়া উপস্থিত থাকে।

Your Comments