ক্ষুদ্ৰ কৃষকক সকাহ দিয়াৰ লক্ষ্য:মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কেচিচি আচঁনিত অন্তৰ্ভুক্তিকৰণৰ বাবে সজাগতা সভা

Pic

জিতুমণি নাথ,মৰিগাঁও:

জিলা কৃষকসকলৰ কৃষি উৎপাদন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰি থকা পদক্ষেপৰ সমান্তৰালকৈ জিলাখনৰ ক্ষুদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। জিলা খনৰ দুই হেক্টৰতকৈ কম কৃষিভূমি থকা ক্ষুদ্ৰ কৃষক সকলক কৃষি উৎপাদন বৃদ্ধি আৰু কৃষি কাৰ্য প্ৰতি আগ্ৰহ বৃদ্ধি কৰাবলৈ শীঘ্ৰেই কৃষকসকলক কেচিচি আচঁনিত অন্তৰ্ভুক্তি কৰি কেচিচি ঋণ দিয়াবলৈ জিলাখনৰ সকলো বেংক প্ৰতিষ্ঠানক পৰামৰ্শ প্ৰদান কৰিছে জিলা উপায়ুক্তই। এই উপলক্ষে মঙলবাৰে সন্ধিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা কৃষি বিষয়া,বেংক বিষয়া,নাবাৰ্ডৰ বিষয়া,চক্ৰ বিষয়াসকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।উপায়ুক্তগৰাকীৰ পৌৰোহিত্যত অনুষ্ঠিত সজাগতামূলক সভাখনত প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আচঁনিৰ অন্তৰ্ভুক্ত কৃষকসকলে বিশেষ অসুবিধা নোপোৱাকৈ স্থানীয় বেংক প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিলে ১৫ দিনৰ ভিতৰত তেওঁলোকে তেওঁলোকৰ কেচিচি ঋণ লাভ কৰিবলৈ সক্ষম হ'ব। হিতাধিকাৰী সকলে কোনো ধন ব্যয় নকৰাকৈ নিজৰ মাটি খেতিৰ বিৱৰণৰ তথ্য জমা দিলে অতি সহজেই এই ঋণ লাভ কৰিব আৰু কৃষকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ব্লক পৰ্যায়ত আধাৰ কেন্দ্র স্থাপনৰো ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে। বিশেষকৈ কৃষকসকলে কৃষি কৰ্ম ৰূপায়ণত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগীয়া নহয় তাৰ ওপৰত অনুষ্ঠিত কৰা সজাগতা সভাখনত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,এলডিএম পুলেন চন্দ্ৰ বৰদলৈ,জিলা কৃষি বিষয়া মাধুৰাম পাতিৰি,চক্ৰ বিষয়া পলাশ আহোম,নাবাৰ্ডৰ ডি ডি এম হেমন্ত কুমাৰ বৰুৱা,মৰিগাঁও ইউবিআই শাখাৰ প্ৰবন্ধক গৌতম মেধী আদি কৰি অন্যান্য বেংক প্ৰতিষ্ঠানৰ বিষয়া,চক্ৰ বিষয়া,জিলা কৃষি বিভাগৰ বিষয়া আদিয়ে অংশগ্ৰহণ কৰে।

Your Comments