বকুলতলত উপস্থিত বিদেশী চাইকেল আৰোহী

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

মঙলবাৰে দিনৰ ভাগত কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বকুলতলত হঠাতে এজন বিদেশী পৰ্যটক চাইকেলৰে আহি উপস্থিত হোৱাত চ'কৰ ব্যৱসায়ী তথা উপস্থিত ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হয়৷সকলো ৰাইজৰ কৌতুহলৰ মাজতে একাংশ যুৱকে পৰ্যটকজনৰ লগত ছেলফি উঠি আনন্দও উপভোগ কৰে৷জানিব পৰামতে থাইলেণ্ডৰ লিও(২৩)নামৰ যুৱকজনে চাইকেলৰে বিশ্বৰ কেইবাখনো দেশ ভ্ৰমণ কৰাৰ আশা লৈ আজিৰ পৰা দুমাহৰ আগতে গৃহভূমিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল৷পোনতে ভাৰতত প্ৰৱেশ কৰা যুৱকজনে যোৱাটো সপ্তাহত অসমত উপস্থিত হয়৷ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলা অতিক্ৰম কৰাৰ অন্তত যোৱা সোমবাৰে গুৱাহাটীত উপস্থিত হয়৷আজি পুৱাই গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গমন কৰাৰ বাটত পশ্চিম বড়িগোগ মৌজাৰ মাজৰে আহি বকুলতল চ'কত উপস্থিত হয়৷ইয়াৰ পিচতে তেওঁ বাহাৰঘাট হৈ মৰোৱা-কমলপুৰ পথৰে বৰভাগৰ মাজৰে নলবাৰীত উপস্থিত হ'ব৷পথতে সাংবাদিকক পৰ্যটকগৰাকীয়ে কয় যে নলবাৰীত আজি নিশাটো কটাই বুধবাৰে বৰপেটা অভিমুখে যাত্ৰা কৰিব৷

Your Comments