পাকিস্তানক শোচনীয়ভাৱে পৰাস্ত কৰি ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত

Pic

চিৰপ্ৰতিদ্বন্দী পাকিস্তানক শোচনীয়ভাৱে পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে।টছত জিকি পাকিস্তানে প্ৰথমে বেটিং কৰি আটাইকেইটা উইকেট হেৰুৱাই ১৭৩ ৰাণ কৰে।ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলে যশস্বী জয়ছোৱালৰ অপৰাজিত ১০৫ ৰাণ আৰু দিব্যাংশ ছাক্সেনাৰ অপৰাজিত ৫৯ ৰাণৰ জড়িয়তে অনায়াসে লক্ষ্য অতিক্ৰম কৰে।ভাৰতৰ এটাও উইকেট দখল কৰিব নোৱাৰাটো পাকিস্তানৰ বিৰাট ব্যৰ্থতা হিচাপে চিহ্নিত হয়।

Your Comments