'ডেউকা নাট সমাৰোহ'ৰ সফল সমাপ্তি         

Pic

গোলাঘাটৰ  প্ৰতিবেদক:                           

২০১৬ চনত প্ৰতিষ্ঠা লাভ কৰা গোলাঘাট চহৰৰ   নাট্যবিদ্যালয় 'ডেউকা'ৰ উদ্যোগত যোৱা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে তৃতীয় বাৰ্ষিক 'ডেউকা নাট সমাৰোহ' অনুুুষ্ঠিত কৰা হয়।এমেচাৰ নাট্য আন্দোলনৰ ধাৰাক অনন্য গতি প্ৰদান কৰা এই সমাৰোহখনত এইবাৰ মুঠ চাৰিখনকৈ নাট মঞ্চস্থ কৰা হয়। প্ৰথমদিনা  আমন্ত্ৰিত কৰি অনা 'থিয়েটাৰ লেব' পশ্চিম বংগৰ প্ৰশান্ত এচ ধৰৰ 'এক্স ৱাই জেড'  মঞ্চস্থ  হোৱাৰ লগতে একেদিনাই 'ৰংডুলি সাংস্কৃতিক কেন্দ্ৰ' কাকপথাৰৰ গুণমণি বৰুৱাৰ পৰিকল্পনা-পৰিচালনাৰে মঞ্চস্থ  কৰা হয় 'হেঁপাহৰ জোলোঙা' শীৰ্ষক নাটখনি।একেদৰে,দ্বিতীয় দিনা ডেউকা নাট্যবিদ্যালয়ৰ প্ৰযোজনাত বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা মঞ্চস্থ কৰা হয় কবি, নাট্যকাৰ- পৰিচালক জ্যোতিপ্ৰসাদ ভূঞা আৰু উদীয়মান নাটকৰ্মী নৱজ্যোতি শৰ্মাৰ যুটীয়া পৰিচালনাত 'ঠিকনাবিহীন' শীৰ্ষক নাটখনিৰ লগতে মৰিগাঁওৰ নাট্যকৰ্মী গোবিন নাথৰ পৰিকল্পনা - পৰিচালনাৰে 'ছুইচাইড'।চাৰিওখন নাটকেই দৰ্শকৰ সমাদৰ পোৱাৰ লগতে এই বৰ্ষত ডেউকা নাট্যবিদ্যালয়ৰ শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীৰ বঁটা লাভ কৰে চয়নজ্যোতি গগৈয়ে।

Your Comments