গণৰাজ্য দিৱসত 'আলফা'ৰ অসম বন্ধ ঘোষণা

গণৰাজ্য দিৱসৰ দিনা অসম বন্ধ ঘোষণা কৰিছে সংযুক্ত মুক্তি বাহিনী,অসম চমুকৈ আলফাই।২৬ জানুৱাৰীত দিনটোত ৰাজ্যবাসীক সকলো চৰকাৰী কাৰ্যসূচী পৰা আঁতৰি থাকিবলৈ আহ্বান নিষিদ্ধ ঘোষিত সংগঠনটোৰ।সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত অসমবাসী ৰাইজক উদ্দেশ্য কৰি কয়-'গণৰাজ্য দিৱসত সকলো চৰকাৰী অনুষ্ঠান বৰ্জন কৰি ঘৰতে বহি থাকক।অন্যথা অসমবাসী ৰাইজে উক্ত দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰক।' উল্লেখ্য যে আলফাই প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত উল্লেখ থকা অনুসৰি জৰুৰীকালীন সেৱাৰ সকলো যান-বাহনৰ বাহিৰে অন্য বাহনৰ চলাচল বন্ধ ৰাখিবলৈ আহ্বান জনাইছে।

Your Comments