চীনত কৰ'ণা ভাইৰাছৰ আতংক:১৭ জন লোকৰ মৃত্যু

Pic

চীনত কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ বুধবাৰলৈকে ১৭ জন লোকৰ মৃত্যু হৈছে।৪৫০ জন লোক আক্ৰান্ত হৈছে।চীনৰ ১ কোটিতকৈ অধিক লোকে বাস কৰা বুহান চহৰত অধিকাংশ লোক লোক আক্ৰান্ত হৈছে।উল্লেখযোগ্য যে এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হ'লে মানুহৰ পানীলগা জ্বৰ হয়।ইফালে,জনসাধাৰণৰ মাজত ভাইৰাছবিধৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যেৰে বুহান বিমানবন্দৰত প্ৰশাসনে আক্ৰান্ত ৰোগীক চিনাক্ত কৰাৰ হেতু যাত্ৰীৰ থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিছে।

Your Comments