'কা' গোচৰত অসম-ত্ৰিপুৰাৰ বাবে ন্যায়ালয়ে পৃথক শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰাটো ইতিবাচক খবৰ:লেখ আবেদনকাৰী ৰাকেশ চক্ৰৱৰ্তী

Pic

'নাগৰিকত্ব সংশোধনী আইন-২০১৯' সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব'বডেৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰিপীঠে ১৪৪খন লেখ আবেদনৰ শুনানি বুধবাৰে গ্ৰহণ কৰে।অসমৰ পৰা সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,অসম সাহিত্য সভা আদি ১৭ টা দল-সংগঠনৰ লগতে ব্যক্তিগতভাৱে কেইবাজনো ব্যক্তিয়ে আইনখনৰ সন্দৰ্ভত লেখ আবেদন দাখিল কৰিছিল।ইয়াৰ ভিতৰত অন্যতম আছিল দিল্লী নিবাসী অসমীয়া যুৱক ৰাকেশ চক্ৰৱৰ্তী।উচ্চতম ন্যায়ালয়ে অন্যান্যসকলৰ লগতে চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি অসম আৰু ত্ৰিপুৰাৰ বাবে শুনানি পৃথক হ'ব বুলি উল্লেখ কৰাটো অসমবাসী উত্তৰ-পূববাসীৰ বাবে ইতিবাচক খবৰ বুলি মন্তব্য কৰে যুৱকজনে।আজি ন্যায়ালয়ে লেখ আবেদনসমূহৰ শুনানি গ্ৰহণ কৰি চাৰি সপ্তাহৰ ভিতৰত গোচৰটো সম্পৰ্কীয় সকলো নথি-পত্ৰ ন্যায়ালয়ত জমা দিবলৈ নিৰ্দেশ দিয়ে।দৰাচলতে,কেন্দ্ৰীয় চৰকাৰে আজি গোচৰটো সম্পৰ্কীয় নথি-পত্ৰসমূহ জমা দিব লাগিছিল যদিও চৰকাৰ ব্যৰ্থ হয়।চৰকাৰে নথি-পত্ৰ দাখিল কৰিবলৈ ব্যৰ্থ হোৱাটোৱে নাগৰিকত্ব (সংশোধনী)আইনখনত বিসংগতি থকাটো সূচায় বুলি চক্ৰৱৰ্তীয়ে উল্লেখ কৰে।সেই বিসংগতি ঢাকিবলৈ চৰকাৰ প্ৰয়াসৰত হৈ আছে বুলি কয়।অসম আৰু ত্ৰিপুৰাৰ লেখ আবেদনসমূহৰ শুনানি পৃথকভাৱে গ্ৰহণ কৰাৰ বাবে ন্যায়ালয়ে সিদ্ধান্ত লোৱাটো অসমৰ বাবে আশাব্যঞ্জক খবৰ হোৱাৰ লগতে ন্যায়ালয়ে অসমৰ 'কা' বিৰোধী আন্দোলনক গুৰুত্ব সহকাৰে লোৱাৰো প্ৰমাণ ই দাঙি ধৰিছে ৰাকেশ চক্ৰৱৰ্তীয়ে মন্তব্য কৰে।ন্যায়িক যুঁজৰ লগতে 'কা' বিৰোধী ৰাজপথৰ আন্দোলনো চলি থাকিব লাগিব বুলি চক্ৰৱৰ্তীয়ে কয়।তেতিয়া কেন্দ্ৰীয় চৰকাৰেও অসমৰ 'কা' বিৰোধী আন্দোলনক গুৰুত্ব সহকাৰে ল'ব বুলি মত প্ৰকাশ কৰে। বি:দ্ৰ:ফটোত একেবাৰে মজৰজন।

Your Comments