পূজা-অৰ্চনাৰে আনুষ্ঠানিকভাৱে মন্ত্ৰীৰ আসনত বহিল সঞ্জয় কিষাণ 

বিধায়ক সঞ্জয় কৃষাণ

সোণোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পিছত বুধবাৰে আনুষ্ঠানিকভাৱে মন্ত্ৰীৰ  আসনত বহিল তিনিচুকীয়াৰ  বিধায়ক সঞ্জয় কিষাণ।জনতা ভৱনৰ ই-ব্লকত নতুন মন্ত্ৰী হিচাপে ঠিকনা হ'ল কিষাণৰ।শ্ৰম আৰু চাহ জনগোষ্ঠীৰ উন্নয়ন দপ্তৰ মন্ত্ৰী হিচাপে সোণোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰিছে তিনিচুকীয়া বিধায়কগৰাকীয়ে।১৪ মাহৰ বাবে সোণোৱাল মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে চাহ জনগোষ্ঠীৰ বিধায়কগৰাকী।দলীয় একাংশ বিধায়ক আৰু সমৰ্থকে নতুন দায়িত্ব গ্ৰহণ কৰা মন্ত্ৰীগৰাকীক শুভেচ্ছা জনায়।লগতে পূজা-অৰ্চনাৰে মন্ত্ৰীৰ আসনত বহে বিধায়ক কিষাণ।মন্ত্ৰীৰ আসনত বহি তেওঁ কয়-'ৰাইজৰ আশীৰ্বাদৰ বাবে আজি শ্ৰম আৰু চাহ জনগোষ্ঠী উন্নয়ন বিভাগত গধুৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছো।'অসমবাসীৰ ৰাইজ আৰু ভগৱানৰ আশীৰ্বাদ বিচাৰি তেওঁ কয়- 'অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সেৱাৰ বাবে যাতে কাম কৰিব পাৰোঁঁ।শ্ৰমৰ জড়িয়তে তেজক পানী কৰি যিসকলে অসমখনক আগুৱাই লৈ যোৱাৰ বাবে দায়িত্ব পালন কৰিছে,সেই সকলৰ অধিকাৰসমূহৰ সুৰক্ষাৰ বাবে কাম কৰিম।'

Your Comments