চৰকাৰ-এনডিএফবি(ছ)ৰ যুদ্ধ বিৰতি চুক্তিক কোচ ৰাজবংশী জাতীয় মহাসভাৰ আদৰণি:কেএলঅ'ৰ সৈতেও আলোচনা কৰিবলৈ দাবী

Pic
বঙাইগাঁৱৰ প্ৰতিবেদক: শেহতীয়াকৈ এনডিএফবি(ছ)য়ে আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰে কৰা যুদ্ধবিৰতি চুক্তিক কোচ ৰাজবংশী জাতীয় মহাসভাই আদৰণি জনাইছে ৷ অৱশ্যে অনুৰূপভাৱে দীৰ্ঘদিন ধৰি অসম-পশ্চিমবংগক লৈ স্বাধীন কমতাপুৰ দাবী কৰি অহা সশস্ত্ৰ সংগঠন কেএলঅ'ৰ স'তেও আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ৷ মঙলবাৰে বিজনীত অনুষ্ঠিত কৰা এখন সংবাদমেলযোগে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে এনডিএফবিৰ সকলো গোটৰে আলোচনা কৰি বড়োসকলৰ সমস্যা সমাধান কৰক, তাত আমাৰ আপত্তি বা বিৰোধিতা নাই ৷ কিন্তু অকল এনডিএফবিৰে আলোচনা কৰি একপক্ষীয়ভাৱে বড়োলেণ্ড জাপি দিব বিচাৰিলে বিটিচি বা নামনি অসমত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহয় ৷ এনডিএফবিৰে শান্তি আলোচনাৰ জৰিয়তে অকল বড়ো সমস্যা সমাধানৰ নামত কোচ ৰাজবংশী সকলোৰ ইতিহাস, ঐতিহ্য, ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি অধিক ক্ষমতাসম্পন্ন শাসন ব্যৱস্থা জাপি দিলে কোচ ৰাজবংশী জাতীয় মহাসভাই আন আন জনগোষ্ঠীৰে ঐক্যবদ্ধ হৈ তীব্ৰ আন্দোলন কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ৷ বিশ্বজিৎ ৰায়ে কেন্দ্ৰীয় চৰকাৰক কেএলঅ' আৰু এনডিএফবিৰে আলোচনা কৰি বড়ো, কোচ ৰাজবংশী আৰু আন আন জনগোষ্ঠীৰ গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াবলৈকো আহ্বান জনায় ৷ বিশ্বজিৎ ৰায়ে সংবাদ মেলত দোহাৰে যে বিটিচি চুক্তিয়ে বিটিচিত একপ্ৰকাৰ কোচ ৰাজবংশী আৰু আন আন অজনজাতিৰ ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ খৰ্ব কৰিছে ৷ ফলত বিটিচিত বড়ো-অবড়োৰ মাজত ৰাজনৈতিক সংঘাত আৰাম্ভ হৈছে ৷ এই সংঘাত নিৰাময় কৰিব লাগিলে সকলো জনগোষ্ঠীক আস্থাত লৈ সমাধান সূত্ৰ উলিয়াব লাগিব ৷ কোচ ৰাজবংশী জাতীয় মহাসভাই এনডিএফবি আৰু কেন্দ্ৰীয় চৰকাৰৰে আলোচনাৰ জৰিয়তে হ'ব লগা শান্তি চুক্তিৰ জৰিয়তে অজনজাতিসকলৰ ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে বিজেপি দলে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি কোচ ৰাজবংশীসকলৰ স্ব-অধিকাৰ আৰু অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় ৷আনহাতে চিৰাং জিলাৰ শিয়ালমাৰীৰ দোহলাপাৰাত ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব খোজা টোলগেটৰ কোচ ৰাজবংশী জাতীয় মহাসভাই তীব্ৰ বিৰোধিতা কৰে ৷ কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় য়ে যিহেতু শ্ৰীৰামপুৰৰ পৰা টিহু-পাঠশালালৈ কেইবাঠাইত ৰাষ্ট্ৰীয় ঘাইপথ আৰু কেইবাখনো দলং এতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰা নাই ,তেনে ক্ষেত্ৰত চৰকাৰে টোলগেট স্থাপন কৰি ৰাষ্ট্ৰীয় পথ পৰিবহণ কৰ সংগ্ৰহ কৰিব খোজাতো গ্ৰহণযোগ্য নহয়।তেওঁ কয় যে সম্পূৰ্ণ নিৰ্মাণকাৰ্য সমাপ্তিৰ পিছত কৰ সংগ্ৰহত আমাৰ আপত্তি নাই যদিও স্থানীয় চাৰিচকীয়া আৰু তিনিচকীয়া ব্যক্তিগত আৰু ব্যৱসায়িক বাহনসমূহক পথ পৰিবহণ কৰ ৰেহাই দিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনায়।

Your Comments