দেশবাসীৰ অপেক্ষা উচ্চতম ন্যায়ালয়ত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানিলৈ

Pic

উচ্চতম ন্যায়ালয়ে বুধবাৰে 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ সম্পৰ্কে দাখিল  কৰা  আবেদনৰ শুনানি গ্ৰহণ কৰিব।ন্যায়াধীশ শৰদ অৰৱিন্দ ব'বডে,ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।উল্লেখ্য যে 'কা'ৰ বিৰূদ্ধে বৰ্তমান সময়লৈকে সৰ্বমুঠ ৭৫ খন লেখ আবেদন দাখিল কৰা হৈছে উচ্চতম ন্যায়ালয়ত। মূল আবেদনকাৰী ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ।যোৱা ১৬ ডিচেম্বৰত 'কা'ৰ কাৰ্যকৰীকৰণ স্থগিত ৰাখিবলৈ আবেদন কৰিছিল লীগে। আনহাতে,অসমৰ পৰা সৰ্বমুঠ ১৭টাকৈ সংগঠনে দাখিল কৰিছে লেখ আবেদন।তাৰ ভিতৰত  আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা, অসম ৰাজ্যিক জমিয়ত অন্যতম।ইয়াৰ উপৰিও আছে বহুকেইখন ব্যক্তিগত লেখ আবেদন।তাৰ ভিতৰত ড: হীৰেন গোহাঁই, দেৱব্ৰত শইকীয়াই দাখিল কৰিছিল আবেদন।

Your Comments