সামৰণি পৰিল বামুন্দী ৰাইজ গয়ৰহৰ ঐতিহাসিক 'সভা-গন্ধ' উৎসৱঃসাত হাজাৰ অতিথিক 'সিধা' প্ৰদান

Pic

হাজোৰ পৰা কমলাকান্ত দাস: নামনি অসমত ঠাই বিশেষে পৱিত্ৰ মাঘ মাহত অনুষ্ঠিত কৃষিভিত্তিক এটি লোক উৎসৱ মাঘৰ 'সভা-গন্ধ'।এই মাঘ মাহৰ সভা নামনি অসমৰ কৃষি প্ৰধান গাঁঁৱলীয়া অঞ্চলত ধৰ্মীয় তথা পৰম্পৰাগতভাৱে পালন কৰি আহিছে মাঘ মাহৰ সভা-গন্ধ।বামুন্দী ৰাইজ গয়ৰহৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত ধৰ্মীয় তথা পৰম্পৰাৰ উৎসৱ সভা-গন্ধৰ মঙলবাৰে সন্ধিয়া সামৰণি পৰে।সোমবাৰে পুৱা ৰাইজ গয়ৰহৰ সভাপতি সভাৰাম কলিতাই ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।সন্ধিয়া ছয় বজাত ওজাপালি পৰিৱেশন কৰে।সাত বজাৰ পৰা পশ্চিম বংশৰ মৌজাৰ পোন্ধৰখন গাঁঁৱৰ ৰাইজক 'সিধা' দিয়া পৰ্ব মুকলি কৰে প্ৰশাসনিক বিষয়া অৰৱিন্দ কলিতাই।দ্বাৰ উন্মোচন কৰে বিশিষ্ট উদ্যোগপতি ৰাতুল শৰ্মাই । ইয়াত মৌজাখনৰ পোন্ধৰখন গাঁঁৱৰ সাত হাজাৰ অতিথিক 'সিধা' দিয়া হয়।এই সিধাত নিৰ্দিষ্ট পৰিমাণৰ চাউল,আলু,বেঙেনা,জাতি লাও,মাছ,মা-মছলা,তামোল-পাণ আদি দিয়া হয়।অতিথিসকলে সিধা লোৱাৰ পিছত গাঁঁৱৰ যিকোনো পৰিয়ালত গৈ ৰান্ধি খাব পাৰে।উল্লেখ্য যে সোমবাৰে দিনৰ ভাগতে বিধায়িকা সুমন হৰিপ্ৰিয়াই ৰাইজ গয়ৰহত উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে।তদুপৰি 'এমট্ৰন'ৰ উপ-প্ৰৱন্ধক দিনমণি ভাণ্ডাৰকায়স্থ,ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্ৰীয় বৌদ্ধিক প্ৰমুখ শংকৰ দাস,পৰ্যটন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা,প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন,উদ্যোগ বিভাগৰ প্ৰাক্তন সঞ্চালক নুৰ মহম্মদ,হাজোৰ ৰাজহ চক্ৰ বিষয়া কমল বৰুৱা,ডা: প্ৰাঞ্জল ভৰালী,প্ৰাক্তন আলফা নেতা প্ৰদীপ গগৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সিধা গ্ৰহণ কৰি অভিভূত হৈ পৰে।নিশা দহ বজাৰ পৰা আৰাধনা নাট্য দল,ছয়গাঁঁৱৰ দ্বাৰা নাট্যাভিনয় অনুষ্ঠিত কৰা হয়।মঙলবাৰে পুৱা ন বজাত অঞ্চলটোৰ ভকতসকলক সিধা দিয়াৰ পিছত বাৰ বজাত শ্ৰীশ্ৰী গোপালেশ্বৰ গোঁঁসাই ঘৰ প্ৰাঙ্গনত হোমাদিকৃত্য,ৰাজহুৱা শান্তি আৰু পুষ্পাঞ্জলি সমাপন কৰা হয়। ইয়াত গাঁঁৱৰ বয়োবৃদ্ধৰ পৰা ডেকা-গাভৰুলৈ সকলোৱে ভগৱান বিষ্ণুৰ ওচৰত বছৰটোৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে।বিয়লি তিনি বজাত ওজাপালি আৰু চাৰি বজাৰ পৰা ৰৌমাৰী গোপাল সেৱক ঢুলীয়াৰ দলে ঢুলীয়াৰ নাট প্ৰদৰ্শন কৰে।সন্ধিয়া বন্তি প্ৰজ্বলনেৰে সভা-গন্ধৰ সামৰণি পৰে।

Your Comments