নলবাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে উপায়ুক্তৰ ভূমি হস্তান্তৰ 

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনত পূব বনভাগ মৌজাৰ সথামৌ গাঁৱত নলবাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ বাবে মঙলবাৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনৰ কাৰিকৰী শিক্ষা সঞ্চালক,অসমৰ নামত ভূমি হস্তান্তৰ কৰে।ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান হ'ল উচ্চ শিক্ষা উন্নয়নৰ হেতু এখন আঁচনি।ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ সথামৌ গাঁৱত ২৩৫ আৰু ৩৬২ দাগ নম্বৰৰ মুঠ ১০০ বিঘা মাটি মঙলবাৰে উপায়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত এই নলবাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰাৰ বাবে অসম ৰাজ্যিক হাউচিং বোৰ্ডৰ আয়ুক্তৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ হাতত হস্তান্তৰ কৰা হয়।ভূমি হস্তান্তৰ কৰাৰ সময়ত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ বিষয়ববীয়াৰ লগতে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জোনটি ডেকাও উপস্থিত থাকে।

Your Comments