২২ টা দিন কাৰাৰুদ্ধ জীৱন কটাই স্বগৃহত উপস্থিত শৃংখল চলিহা

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

'কা' বিৰোধী আন্দোলনত অংশ লৈ কাৰাবাসৰ পৰা মুক্তি লাভ কৰি সোমবাৰে শিৱসাগৰত উপস্থিত হয়হি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।শৃংখলক ৰাইজ তথা সংগ্ৰামী সতীৰ্থই বীৰোচিত আদৰণি জনায়। সুদীৰ্ঘ ২২ টা দিন কাৰাবন্দী হিচাপে থাকি সোমবাৰে স্বগৃহত উপস্থিত হয় শৃংখল চলিহা। তদুপৰি গৌৰিসাগৰৰ পৰা এটা বৃহৎ বাইক ৰেলীৰে আদৰি অনা হয় বীৰ লাচিত সেনাৰ নেতাগৰাকীক। স্বগৃহত উপস্থিত হোৱাৰ লগে লগে শৃংখল চলিহাক শিৱসাগৰৰ ৰাইজে বিপুল আদৰণি জনায় । ইয়াৰ পূৰ্বে গৌৰীসাগৰ, ভটিয়াপাৰ, জয়সাগৰ আৰু বীৰ লাচিত সেনাৰ মুখ্য কাৰ্যালয়ত তেওঁক আদৰণি জনায়। স্বগৃহত উপস্থিত হৈয়েই শৃংখল চলিহাই কয় যে অনাগত দিনত শিৱসাগৰৰ পৰাই 'কা'ৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ হ'ব। এই সংগ্ৰামত শিৱসাগৰবাসীৰ সহায়-সহযোগিতা কামনা কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে।

Your Comments