'খেলো ইণ্ডিয়া-২০২০':লন বলত পদক অৰ্জন কৰা হাজোৰ মনাহকুছিৰ কৰিণা পাটোৱাৰীক বিপুল সম্বৰ্ধনা

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

'খেলো ইণ্ডিয়া-২০২০'ত কামৰূপ জিলাৰ মনাহকুছিৰ কৰিণা পাটোৱাৰীয়ে দুটাকৈ পদক অৰ্জন কৰি অসম তথা হাজোলৈ গৌৰৱ কঢ়িয়াই আনিছে।কৰিণাৰ পিতৃ ভগৱান পাটোৱাৰীয়ে দিন হাজিৰা কৰি পোহপাল দিয়ে পৰিয়ালটোক।কিন্তু,সেই পৰিয়ালটোৰে কৰিণাই প্ৰৱল ইচ্ছাশক্তি আৰু কঠোৰ অনুশীলনেৰে পদক জিনিবলৈ সক্ষম হৈছে।২১বছৰ অনুৰ্ধ লন বল ছিংগলছত ব্ৰঞ্জৰ আৰু দলীয়ভাৱে সোণৰ পদক লাভ কৰে কৰিণাই।তিনি মাহ প্ৰশিক্ষণ লৈ সোণৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি হাজোৰ মনাহকুছিত উপস্থিত হয় কৰিণা।মনাহকুছিত উপস্থিত হোৱাৰ লগে লগে হাজোৰ চেঁচামুখৰ দলঙৰ পৰা স্থানীয় লোকসকলে বিপুলভাৱে সম্বৰ্ধনা জনায় আৰু খোল-তাল বজাই উষ্ম আদৰণি জনাই কৰিণাক।

Picউল্লেখ্য যে কৰিণা পাটোৱাৰী দমদমা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ৰাজনীতিৰ মেজৰৰ ছাত্ৰী।পৰীক্ষা দিয়াৰ বাবে খেলৰ মাজতে ঘৰলৈ আহিছে খেলুৱৈগৰাকী।সোমবাৰে পৰীক্ষা দি পুনৰ খেলত যোগদান কৰিব তেওঁ।

Your Comments