মৰিগাঁও জিলাত পালচ্ প'লিঅ অভিযানৰ শুভাৰম্ভ

Pic

মৰিগাঁৱৰ প্ৰতিবেদক:

ৰাজ্যখনৰ লগতে  মৰিগাঁও জিলাতো দেওবাৰে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত পালচ্ প'লিঅ অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। এই উপলক্ষে মৰিগাঁও  নগৰৰ কনকলতা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখন উদ্ধোধনী সভা। জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ফিটা কাটি আঁচনিখন উদ্ধোধন কৰি দিয়া ভাষণত কয়- 'স্বাস্থ্যৱান সমাজ এখন হ'লেহে দেশ এখন আগবাঢ়ি যোৱাত সহায় হয়। সেয়ে চৰকাৰে স্বাস্থ্যৱান সমাজ এখন গঢ় দিয়াবলৈ অধিক গুৰুত্ব প্ৰদান কৰি সমগ্ৰ ভাৰতবৰ্ষক প'লিঅ মুক্ত দেশ হিচাপে ঘোষণা কৰিছে। কিন্তু আমাৰ চুবুৰীয়া কেইখনমান ৰাষ্ট্ৰত প'লিঅ'ৰ      প্ৰাদুৰ্ভাৱ  ঘটাত  আমাৰ দেশৰ স্বাস্থ্য বিভাগো কিছু পৰিমাণে শংকিত হৈ  ০-৫ বছৰ বয়সৰ শিশুসকলক পুনৰ পালচ্ প'লিঅ প্ৰতিষেধক তিনিদিনীয়া কাৰ্যসূচীৰে  প্ৰদানৰ  ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত সকলো শ্ৰেণীৰ লোককেই শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ৰাজ্যিক পালচ্ প'লিঅ নিয়ন্ত্ৰক হৰপাল সিং শ্বুৰীয়ে ভাষণ প্ৰদান কৰা সভাখনত অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান, জিলা স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ সোণেশ্বৰ দেউৰজা,অতিৰিক্ত চিকিৎসা বিষয়া ডা০ যুগল চন্দ্ৰ কলিতা,মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক মুবিদুৰ ৰহমান,জ্যেষ্ঠ চিকিৎসক ডাঃ এ টি ইউচুফ,ডাঃ পৱন পাতৰ আদি কৰি বহুকেইজন স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। সভাখনৰ আঁত ধৰে জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বাহৰুল ইছলামে। উদ্ধোধনী সভাৰ পিচতে উপায়ুক্ত ঋতুৰাজ বৰাই এটা শিশুক পালচ্ প'লিঅ সেৱন কৰোৱাই আনুষ্ঠানিকভাৱে জিলাখনত পালচ্ প'লিঅ প্ৰতিষেধকৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

 

 

 

Your Comments