লাওচত অসম সাহিত্য সভাৰ বিশ্ব অসম সন্মিলনৰ আয়োজন

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বিশ্বৰ বিভিন্ন প্রান্তত বসবাস কৰা অসমীয়াসকলক একত্রিত কৰি অহা ২৮ , ২৯ ফেব্ৰুৱাৰী আৰু পহিলা মার্চত লাওচত বিশ্ব অসম  সন্মিলন অনুষ্ঠিত কৰিব অসম সাহিত্য সভাই । শনিবাৰে যােৰহাটত এই কথা ঘােষণা কৰিছে অসম সাহিত্য সভাই । এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি 'আছিয়ান ’ পায়নিয়াৰ মেণ্টৰ হবিব মহম্মদ চৌধুৰীৰ মুখ্য পৃষ্ঠপােষকতাত অনুষ্ঠিত 
হ'ব লগা এই অধিৱেশনত ম্যানমাৰ , কম্বােডিয়া , ছিংগাপুৰ , ইণ্ডোনেছিয়া , ফিলিপাইন , থাইলেণ্ড , লাওচ , ভিয়েটনামত থকা প্রৱাসী অসমীয়াসকলক একত্রিত কৰি এই সন্মিলনৰ আয়ােজন কৰা হৈছে । এই সন্মিলনলৈ অসম সাহিত্য  সভাৰ উপৰি অসমৰ লােকশিল্পীৰ এটা দলে অংশগ্রহণ  কৰিব । উল্লেখ্য যে এই সন্মিলনত অসমীয়া পৰম্পৰাগত সংস্কৃতি প্রদর্শন আৰু সাংস্কৃতিক
বিনিময় , খাদ্য মহােৎসৱ , গ্রন্থমেলা , অসমৰ থলুৱা বস্তুৰে সৌন্দর্য আৰু সাজপাৰ প্ৰদৰ্শনৰ বিভিন্ন কার্যসূচী গ্রহণ কৰা হৈছে । তদুপৰি, সাংস্কৃতিক ভাব বিনিময় আৰু গৱেষণা প্রকল্প, আন্তর্জাতিক আলােচনাচক্ৰৰ আয়ােজন কৰা হৈছে ।

নেপালত চর্যাপদ সম্পর্কীয় আলােচনাচক্র :
ইফালে,একে উদ্দেশ্যৰে অহা ২২ আৰু ২৩ ফেব্ৰুৱাৰীত নেপালৰ ত্রিভুৱন বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ উদ্যোগত অসম সাহিত্য সভা আৰু নেপালী সাহিত্য সভাৰ সহযােগত এখন চর্যাপদ সম্পৰ্কীয় আলােচনাচক্ৰৰ আয়ােজন কৰা হৈছে । নেপালৰ  কাঠমাণ্ডুত অনুষ্ঠিত হ'ব লগা এই আলােচনাচক্ৰত অসম আৰু নেপালৰ ভাষা - সাহিত্য , সংস্কৃতিৰ তুলনামূলক অধ্যয়ন সম্পর্কীয় গৱেষণাপত্র পাঠ কৰিব  পাৰিব । ইচ্ছুকসকলে অসম সাহিত্য সভাৰ লগত যােগাযােগ কৰিব পাৰিব ।
 

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড।

Your Comments