বঙাইগাঁও জিলা শিল্পী সমাজৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলা শিল্পী সমাজৰ দ্বিতীয় ত্ৰি- বাৰ্ষিক অধিৱেশনখনি দেওবাৰে  দিনজোৰা কাৰ্যসূচীৰে পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে পতাকা উত্তোলন কৰি অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ বিপৰীতে শিল্পী সমাজৰ শিল্পীসকলে শিল্পী সমাজৰ বিষয় সংগীত পৰিৱেশন কৰে ৷ ইয়াৰ পিছতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল বৈষ্ণৱে ৷ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ উপস্থিত থকাৰ লগতে বক্তব্যও প্ৰদান কৰে ৷ এই অনুষ্ঠানৰ পিছতে বিগত তিনি বছৰৰ হিচাপ দাখিল আৰু বিষয় বাচনি সভা অনুষ্ঠিত কৰাৰ হয় ৷ বিষয় বাচনি সভাত আগন্তুক কাৰ্যকালৰ বাবে দীপক দাসক সভাপতি আৰু মনোৰঞ্জন বৰ্মনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া নতুন সমিতিখন গঠন কৰা হয় ৷

Pic

আবেলি অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'বীণ' উন্মোচন কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভানেত্ৰী ৰমলা ৰায় সৰকাৰে ৷ স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত শিল্পী সমাজৰ সভাপতি দীপক দাস, সাধাৰণ সম্পাদক দিগন্ত ৰায়, স্মৃতিগ্ৰন্থখনৰ সম্পাদকদ্বয় বনলতা দাস আৰু প্ৰণয় কুমাৰ সিংহ আদি উপস্থিত থাকে ৷ আনহাতে,সম্বৰ্ধনা অনুষ্ঠানত জনপ্ৰিয় পেৰডী গায়ক, কবি, সাহিত্যিক তথা সাংস্কৃতিক কৰ্মী মিনাৰ আলিক শিল্পী সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ বিয়লিৰ পৰা অনুষ্ঠিত হয় গীত- মাতৰ অনুষ্ঠান ৷ অনুষ্ঠানত ন- পুৰণি আৰু আমন্ত্ৰিত শিল্পীসকলে বিভিন্ন গীত- মাত পৰিৱেশন কৰি অনুষ্ঠানটো মনোমোহা কৰি তোলে ৷

 

Your Comments