বৰপেটাৰোডত যুৱ ব্যৱসায়ীক হত্যাৰ চেষ্টা

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বৰপেটাৰোডত শুকুৰবাৰে নিশা সংঘটিত হোৱা এটা শিহৰণকাৰী ঘটনাই চহৰখনৰ সচেতন মহলক জোকাৰি গৈছে।বৰপেটাৰোডৰ 'কামৰূপ ভাণ্ডাৰ'ৰ স্বত্বাধিকাৰী বৰপেটাৰোডৰ চন্দনপুৰ নিবাসী প্ৰয়াত কৰ্ণ ওজাৰ কনিষ্ঠ পুত্ৰ যুৱ ব্যৱসায়ী অনুপম ওজা ( কণ)ক পুৱতি নিশা বৰপেটাৰোডৰ এজন যুৱকে প্ৰাণে মৰাৰ বাবে চেষ্টা চলাই সংকটজনক অৱস্থাত পেলাই থৈ পলায়ন কৰাৰ বাতৰি পোৱা গৈছে ৷ এই ঘটনাত জড়িত দুৰ্বৃত্তজন হৈছে বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত চৌৰাগুৰিৰ প্ৰয়াত পিতাম্বৰ পাটোৱাৰীৰ পুত্ৰ গুণ ওৰফে সঞ্জয় ওৰফে ৰাহুল পাটোৱাৰী। তেওঁ বৰ্তমান উত্তৰ বৰপেটাৰোডৰ বাসিন্দা ৷ প্ৰাপ্ত খবৰ মতে, বৰপেটাৰোডৰ খৈৰাবাৰীৰ সুজিত সৰকাৰ (টেপা)ৰ তেল ডিপোৰে এটা কোঠাৰ ভিতৰত পুৱতি নিশা ৩:৩০ মান বজাত এই ঘটনাটো সংঘটিত হয় ৷ বৰপেটাৰোড আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত অনুপম ওজাৰ জ্যেষ্ঠ ভাতৃ হিমাংশু ওজাই এখন এজাহাৰ দাখিল কৰিছে যদিও অভিযুক্ত ৰাহুল পাটোৱাৰী ইতিমধ্যে পলায়ন কৰা বুলি জানিব পৰা গৈছে। অনুপম ওজাৰ ককায়েক হিমাংশু ওজাই কৰা অভিযোগ অনুসৰি অনুপম ওজাই পুৱতি নিশা সুজিত সৰকাৰৰ তেল ডিপোৰ এটা কোঠাত কিবা বিষয় লৈ আলোচনা কৰি থকা সময়তে সঞ্জয় ‌ওৰফে গুণ পাটোৱাৰীয়ে সেই স্থানত উপস্থিত হৈ অনুপমক পিছপিনৰ পৰা প্ৰথমে ভঙা বটলেৰে  আঘাত কৰাৰ লগতে অস্ত্ৰৰেও পুনৰ আক্ৰমণ কৰে। ফলত সেই স্থানতে অনুপম অজ্ঞান হৈ পৰাত সঞ্জয়ে অনুপমৰ মৃত্যু হোৱা বুলি সেই স্থান ত্যাগ কৰে। অৱশ্যে পিছত সুজিত সৰকাৰে আন একাংশ লোকৰ সহায়ত অনুপমক বৰপেটাৰোড চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু শুকুৰবাৰে দিনৰ ভাগত সংকটজনক অৱস্থাত কণক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে,স্থানীয় ৰাইজে এই ঘটনাৰ তদন্ত কৰি দোষীক অচিৰেই কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে।

বিঃদ্ৰঃ-ফটোত অভিযুক্ত সঞ্জয় ওৰফে ৰাহুল‌ ওৰফে গুণ পাটোৱাৰী। 

Your Comments