বিশিষ্ট সংস্কৃত পণ্ডিত যামিনী কান্ত শৰ্মাৰ দেহাৱসান:বৰভাগত শোক 

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বৰভাগৰ ক্ষুদ্ৰ ডিংডিঙি নিবাসী বিশিষ্ট সংস্কৃত পণ্ডিত, কৃতী শিক্ষক, সমাজ-সংগঠক তথা সাহিত্য-সংস্কৃতিৰ একনিষ্ঠ সাধক যামিনী কান্ত শৰ্মাৰ শুকুৰবাৰে পুৱা  নিজা বাসভৱনত  পৰলোকপ্ৰাপ্তি ঘটে।বিগত কেইবামাহো বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা যামিনী কান্ত শৰ্মাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৬ বছৰ । বৃহত্তৰ বৰভাগ অঞ্চলৰ শিক্ষা-সংস্কৃতিৰ বৌদ্ধিক চিন্তা-চৰ্চা আৰু ধৰ্মীয় অনুষ্ঠানসমূহত আগভাগ লৈ সমাজ সংগঠনৰ বাবে অহোপুৰুষাৰ্থ কৰা বিশিষ্ট সংস্কৃত পণ্ডিত যামিনী কান্ত শৰ্মাই মৃত্যু পৰ্যন্ত সাহিত্য জগতত মনোনিৱেশ কৰিছিল । তেওঁ ধৰ্মাদি সম্পৰ্কীয় আলোচনাত্মক গ্ৰন্থ 'প্ৰৱন্ধ মঞ্জৰী','ভাগৱতৰ গল্প সুৰভি',মূল শ্লোক আৰু প্ৰত্যেক অধ্যায়ৰ অসমীয়া অনুবাদেৰে সম্পাদিত 'শ্ৰী মদ্ভাগৱদ গীতা' ৰচনা কৰাৰ উপৰিও বিভিন্ন বাতৰিকাকত, আলোচনীত ভালেসংখ্যক প্ৰশস্তি মালিতা, দেৱী স্তুতি, কবিতা, গীত আৰু তত্ত্বগধুৰ নিবন্ধ লিখি থৈ গৈছে । উত্তৰ-পূব সীমান্ত ৰেলৱেত কৰ্ম-জীৱনৰ পাতনি মেলা শৰ্মাই শিক্ষকতাৰ প্ৰতি থকা প্ৰৱল ধাউতিৰ বাবে উক্ত চাকৰি ইস্তফা দি ১৯৬৪ চনত বৰভাগ অঞ্চলৰ আগশাৰীৰ দামোদৰধাম ধীৰেশ্বৰ বিদ্যালয়, পাণ্ডুলাত স্নাতক শিক্ষক হিচাপে যোগদান কৰি একেখন শিক্ষানুষ্ঠানৰ পৰা ২০০১ চনত অৱসৰ গ্ৰহণ কৰে । আধ্যাত্মিক দৰ্শনেৰে পৰিপুষ্ট শৰ্মাই ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী জয়পাল দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক হিচাপে তিনিটা কাৰ্যকালৰ বাবে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ডিংডিঙি নিম্ন বুনিয়াদী বিদ্যালয়ৰ কাৰ্যকৰী সমিতিৰ সম্পাদক হিচাপে অধিষ্ঠিত হৈছিল । ৩০ বছৰ পূৰ্বে ক্ষুদ্ৰ ডিংডিঙি কৃষক সমবায় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা যামিনী কান্ত শৰ্মাই অঞ্চলটোৰ জয়পাল যুৱ-জ্যোতি পুথিভঁৰালৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অঞ্চলটোত বৌদ্ধিক পৰিৱেশৰ গুৰি ধৰিছিল । বৃহত্তৰ বৰভাগ অঞ্চলৰ বিভিন্ন উৎসৱ- পাৰ্বন উদযাপন সমিতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শৰ্মাই ১৯৮৭ চনত বৰভাগত অনুষ্ঠিত সদৌ অসম সংস্কৃত অধ্যাপক সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক হিচাবে দায়িত্ব পালন কৰিছিল। বৰভাগ শাখা সাহিত্য সভাৰ আজীৱন সদস্য যামিনী কান্ত শৰ্মাই ১৯৬২ চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । গুৱাহাটীৰ বাণীকান্ত কাকতি বিটি মহাবিদ্যালয়ৰ পৰা বিটি ডিগ্ৰী লাভ কৰা শৰ্মাই অসম সংস্কৃত ব'ৰ্ডৰ দ্বাৰা পৰিগৃহীত শাস্ত্ৰী পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী লেখিকা ভাৰতী দেৱী, তিনি পুত্ৰ ক্ৰমে বৰভাগ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ভৱেশ চন্দ্ৰ শৰ্মা, দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু অৰূপ শৰ্মাসহ এগৰাকী জী-জোঁৱাই আৰু বহু গুণমুগ্ধক এৰি থৈ যায়।বিশিষ্ট সংস্কৃত পণ্ডিতগৰাকীৰ মৃত্যুত নলবাৰী জিলা সাহিত্য সভা,বৰভাগ শাখা সাহিত্য সভা,বৰভাগ প্ৰেছ ক্লাব, বৰভাগ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতি, বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চ, শ্ৰীশ্ৰী জয়পাল দেৱালয় পৰিচালনা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

Your Comments