বঙাইগাঁৱত শিল্পী দিৱস উদযাপন

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসমীয়া সাহিত্য - সংস্কৃতিৰ অন্যতম মহীৰূহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো শুকুৰবাৰে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বঙাইগাঁৱতো 'শিল্পী দিৱস' হিচাপে উদযাপন কৰা হয়।সেই অনুসৰি ৰাখালডুবি আঞ্চলিক শিল্পী দিৱস উদযাপন সমিতিৰ উদ্যোগত দিনজোৰাকৈ শিল্পী দিৱস উদযাপন কৰা হয় ৷ পুৱা সমিতিৰ উপদেষ্টা জগদীশ বৰ্মনে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে ৷

Pic

ইয়াৰ পিছতে খেল- ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰবীণ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পূৰ্ণিমা চৌধুৰীয়ে ৷ দিনৰ ভাগত বিভিন্ন খেল -ধেমালি, চিত্ৰাংকন,আবৃত্তি,কুইজ আদি প্ৰতিযোগিতাৰ লগতে জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত  কৰা হয়।সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম টাইকোৱানডো সন্থাৰ সভাপতি তথা বিশিষ্ট ব্যৱসায়ী অৰ্জুন বৰ্মনে ৷ ইফালে,বৰপাৰাস্থিত জ্যোতি সংঘ আৰু সমূহীয়া কেন্দ্ৰৰ উদ্যোগতো শিল্পী দিৱস পালন কৰা হয় ৷ সংঘৰ সভাপতি প্ৰভাত বৈষ্ণৱে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিত মাল্যদান কৰে বঙাইগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° জবা ঠাকুৰীয়াই ৷ আনহাতে,স্মৃতি তৰ্পণ কৰে 'আছু'ৰ সাহিত্য সম্পাদক অঞ্জন কলিতাই ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ফিৰোজ আহমেদে ৷ সন্ধিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত-মাতৰ লগতে জীৱন আৰু আদৰ্শৰ বিষয়ে কেইবাগৰাকী বক্তাই বক্তব্য প্ৰদান কৰে।বঙাইগাঁও শাখা সাহিত্য সভায়ো কাৰ্যালয় প্ৰাংগণত শিল্পী দিৱস উদযাপন কৰে ৷

 

Your Comments