শিৱসাগৰৰ উপায়ুক্তৰ ভোগালী বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মীপ্ৰিয়াই যোৱা ১৫ জানুৱাৰীৰ পুৱা  শিৱসাগৰ নগৰৰ সমীপৰ বানমুখৰ কাথপাৰ গাৱঁৰ চানৰাইজ ক্লাবে স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা ভোগালী বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ বানমুখৰ উৎসাহী ৰাইজে জিলা উপায়ুক্তগৰাকীক পৰম্পৰা অনুসৰি আদৰণি জনায় ৷ উপায়ুক্তগৰাকীয়ে ভোগালীৰ মেজিত অংশগ্ৰহণ কৰে আৰু ৰাইজৰ আগত সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে৷

Pic

ভোগালী বিহুৰ দৰে কৃষি উৎসৱসমূহে কিদৰে প্ৰাচীন কালৰে পৰা সমগ্ৰ দেশতে মানুহৰ মাজত ঐক্য বৃদ্ধি কৰি আহিছে,সেই সম্পৰ্কে উপায়ুক্তগৰাকীয়ে আলোকপাত কৰে ৷ স্ব- পৰিচয় বহন কৰি অহা এই ভোগালী বিহুৱে সমাজখনক এক কৰি তথা মিলাপ্ৰীতিৰ মনোভাবেৰে এক হৈ দেশৰ স্বাৰ্থত কাম কৰি প্ৰতিজন লোকক উদ্বুদ্ধ কৰে বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে ৷ উপায়ুক্তগৰাকীক এই অনুষ্ঠানত আয়োজকসকলে পিঠা- পনা আৰু অসমীয়া খাদ্যৰে আপ্যায়ন কৰে ৷ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দিলীপ টেৰাঙো উপস্থিত থাকে ৷ ইয়াৰ পিছতে উপায়ুক্তগৰাকীয়ে কাথপাৰস্থিত ঐতিহাসিক নিত্যানন্দদেৱৰ থানত সেৱা লয় আৰু স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি অঞ্চলটোৰ সমস্যাসমূহৰ বুজ লয়।অঞ্চলটোৰ উন্নয়ণৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা দিবলগীয়া সকলো সুবিধা প্ৰদান কৰিব বুলি কয় ৷ গাঁৱৰ ৰাইজে ঐতিহাসিক থানখনিত আয়োজন কৰা বৃক্ষৰোপন কাৰ্যসূচীতো জিলা উপায়ুক্তগৰাকীয়ে অংশগ্ৰহণ কৰে ৷

Your Comments