সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাৰ শিখৰত বিজুলীয়ে স্পৰ্শ কৰাৰ দৃশ্যটো...

Pic

আকাশত মেঘৰ মাজত বিজুলী মৰাৰ আলোকচিত্ৰ গ্ৰহণ কৰাটো সহজসাধ্য নহয়।বহুত ধৈৰ্য প্ৰদৰ্শন কৰাৰ পিছত এই চেকেণ্ডৰ পৰিঘটনাটো কেমেৰাত ধৰি ৰাখে এজন ফটোগ্ৰাফাৰে।আৰু যদি পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকা ডুবাইৰ বুৰ্জ খলিফাৰ শিখৰত বিজুলীয়ে স্পৰ্শ কৰা বা বজ্ৰপাত পৰাৰ দৃশ্য কেমেৰাত ধৰি ৰাখিব লগা হয়,সেয়া এজন ফটোগ্ৰাফাৰৰ বাবে কিমান ধৈৰ্য প্ৰদৰ্শন কৰাৰ কাম হ'ব,সেয়া সহজে অনুমেয়।অৱশ্যে,শেহতীয়াকৈ এই কঠিন কামটো অবিশ্বাস্যভাৱে সাত বছৰৰ অপেক্ষাৰ অন্তত সম্পন্ন কৰিলে জুহেৰ অঞ্জুম নামৰ এজন ফটোগ্ৰাফাৰে।বিগত সাত বছৰত বহু বৰষুণৰ নিশা বুৰ্জ খলিফাৰ ওচৰত কটাই এটা পাৰফেক্ট স্নেপশ্বটৰ বাবে অপেক্ষা কৰিছিল তেওঁ।অৱশেষত,যোৱা ১০ জানুৱাৰী,শুকুৰবাৰে জুহেৰ অঞ্জুমে ৫৬ মহলীয়া বুৰ্জ খলিফাৰ আকাশস্পৰ্শী শিখৰত বিজুলীয়ে স্পৰ্শ কৰাৰ 'ভয়ংকৰ সুন্দৰ' দৃশ্য কেমেৰাত ধৰি ৰাখিবলৈ সক্ষম হয়।

Your Comments