মাঘ বিহু,উৰুকা পালনত অপসংস্কৃতি পৰিহাৰ কৰক

Pic

#ৰাজকমল চাংকাকতি#

অসমীয়াৰ প্রাণৰ উৎসৱ বিহু।ৰঙালী বিহু যেনেকৈ অসমীয়াৰ হিয়াৰ আমঠু,ভোগালী বিহুও অসমীয়াৰ বাবেই একেই।মাঘ বা ভোগালী বিহুৰ সময়খিনি জাতিৰ কৃষকসকলৰ বাবে সমৃদ্ধিৰ সময়।বাৰিষাৰ ঘাত-প্ৰতিঘাত,দুৰ্দশাৰ পিছত ভোগৰ পৰিৱেশ থকা ভোগালী বিহুতে কৃষক অসমীয়াৰ বহুসংখ্যকে সন্তুষ্টিৰ সময় কটাব পাৰে।কিন্তু, কথাটো আচলতে ইয়াতকৈ ওপৰত।ভোগালী বিহু দৰাচলতে জাতিৰ বাবে সন্তুষ্টিৰ সময়।ভোগালীত খেতিয়কৰ

ভঁৰাল সোণগুটি শইচৰে ভৰি পৰাৰ অৰ্থ হৈছে জাতিৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী হোৱাতো।গতিকে,মাঘ বা ভোগালী বিহু অসমীয়া জাতিৰ বাবে সন্তুষ্টিৰ সময়।ইফালে,হিন্দু ধৰ্মীয় দৃষ্টিকোনৰ পৰাও মাঘ বিহু অতি গুৰুত্বপূৰ্ণ।মেজি আৰু ভেলাঘৰ দাহ কৰাৰ জড়িয়তে অগ্নি দেৱতাক সেৱা জনাই অসমীয়াই।মেজিৰ জুইত সমাজৰ সকলো অসূয়া-অপ্ৰীতি ভস্মীভূত হ'ব বুলি অন্তৰৰ পৰা আশা কৰে অসমীয়াই।

Pic
       
     মাঘ বিহুক আখ্যা দিব পাৰি বছৰে-বছৰে অসমীয়াক প্ৰাণ সঞ্জীৱনী প্ৰদান কৰা এটা উৎসৱ হিচাপে।গতিকে,বেছি ব্যাখ্যাৰ প্ৰয়োজন নাই যে অসমীয়াই এই বিহুক সম্পূৰ্ণ শ্ৰদ্ধাৰে আৰু পৰম্পৰাগত নীতি-নিয়ম অনুযায়ী পালন কৰাটো দৰকাৰ।অসমীয়াই আহোম শাসনকালত আৰু আধুনিক যুগতো পৰম্পৰাগত নীতি-নিয়ম অনুযায়ী মাঘ বিহু পালন কৰি আহিছিল।কিন্তু,দেশে গোলকীকৰণৰ ব্যৱস্থা আঁকোৱালি লোৱাৰ পিছতেই '৯০ ৰ দশকৰ আৰম্ভণিৰ পৰাই অসমত মাঘ বিহু পালনত অপসংস্কৃতিৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে।বহু অসমীয়াই পাহৰি গৈছে ভোগালী বিহু পালনৰ উদ্দেশ্য-তাৎপৰ্য আৰু অপসংস্কৃতিমূলক ভোগবাদী পদ্ধতিৰে পালন কৰিবলৈ ধৰিছে মাঘ বিহু।ভোগালী বিহু পালনত ব্যাপকভাৱে পৰিলক্ষিত হ'বলৈ ধৰিছে বিপথে পৰিচালিত যুৱক-যুৱতীৰ উচ্ছৃখল আচৰণ,সুৰাৰ ব্যাপক প্ৰচলন।বিশেষকৈ উৰুকা উদযাপন হৈ পৰিছে সুৰাসক্ত যুৱক-যুৱতীৰ উচ্ছৃখল-উপদ্ৰৱৰে পূৰ্ণ।অতীজৰে পৰা উৰুকা পালনৰ মুখ্য উদ্দেশ্য হৈছে গাঁৱৰ সমাজখনত ভাতৃত্ববোধ আৰু সমন্বয় বৃদ্ধি কৰা।কিন্তু,বৰ্তমান বহু গাঁও-মফচল,চহৰত উৰুকা হৈ পৰিছে একাংশ যুৱক-যুৱতীৰ বাবে সুৰাপান আৰু অপসংস্কৃতিৰ নিদৰ্শন স্বৰূপ নৃত্য-গীত কৰাৰ পৰ্ব।উৰুকাৰ নিশা ভদ্ৰ সমাজৰ বৰ্তমান আতংকৰ কাৰণো হৈ পৰিছে।উচ্ছৃংখল যুৱকে অপমান কৰাৰ ভয়ত,শাৰীৰিকভাৱে নিগ্ৰহ কৰাৰ আশংকাত উৰুকাৰ নিশা কটাব লগীয়া হৈছে ভদ্ৰ সমাজৰ নাগৰিকে।ইফালে,যুৱ প্ৰজন্মৰ বহুতে মাঘ বিহুৰ পুৱা মেজি জ্বলাই অগ্নি সেৱা কৰা,বিহুৰ দিনটোত পিতৃ-মাতৃ তথা জ্যেষ্ঠজনক সেৱা-সৎকাৰ কৰাৰ লগতে পৰম্পৰাগত পিঠা-পনা প্ৰস্তুত কৰাৰ দৰে নীতি-নিয়ম,কৰ্ম-প্ৰক্ৰিয়া পালনৰ পৰা আঁতৰি আহিবলৈ ধৰিছে।যুৱ-প্ৰজন্মৰ বহুতৰে উল্লিখিত ধৰণৰ আচৰণে এতিয়া প্ৰমাণ কৰিছে যে অসমীয়া যুৱক-যুৱতীৰ এক গৰিষ্ঠ সংখ্যকে এতিয়া জাতিসত্ত্বাৰ মূল শিপাডালৰ পৰা দূৰত অৱস্থান কৰিছে-যিটো অসমীয়া জাতিটোৰ বাবে যথেষ্ট চিন্তাজনক হৈ পৰিছে।বিহুৰ দৰে জাতীয় উৎসৱসমূহ ভৱিষ্যতে যে নিখুঁতভাৱে পালন কৰা হ'ব,সেই লৈ গভীৰ আশংকা উৎপন্ন হৈছে।

Pic
     
     নিভাঁজভাৱে বিহু পালন নকৰাটো,বিহু পালনত অপসংস্কৃতিৰ ব্যাপক প্ৰভাৱে নিশ্চিতভাৱে অসমীয়া জাতিসত্ত্বাক কৃষ্টি-সংস্কৃতিগত দিশত ক্ৰমান্বয়ে দুৰ্বল কৰি আনিছে।যুৱ-প্ৰজন্মৰ এক গৰিষ্ঠ সংখ্যকে বিহুৰ পৰম্পৰা আৰু নীতি-নিয়ম পালনত অজ্ঞ হৈ পৰাটো,পালন নকৰাটোৱে অদূৰ ভৱিষ্যতত অসমীয়া জাতিক এটা জাতীয় কৃষ্টি-সংস্কৃতিৰ পৰা আঁতৰি অহা এটা ফোঁপোলা স্বৰূপৰ জাতি হিচাপে প্ৰতিপন্ন কৰিব।এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰি।প্ৰতি গৰাকী অসমীয়া যুৱক-যুৱতীয়ে আত্ম- উপলব্ধি আৰু আত্ম-সমালোচনা কৰক।উপলব্ধি কৰক,তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিছে ভৱিষ্যত অসমীয়া জাতি কৃষ্টি-সংস্কৃতিগত দিশত শক্তিশালী হৈ থকাটো।গতিকে,প্ৰতি গৰাকী অসমীয়া যুৱক-যুৱতী মাঘ বিহু,উৰুকা পালনৰ নামত অপসংস্কৃতিমূলক ভোগবাদী আচৰণ প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকক।ইয়াৰ পৰিৱৰ্তে,মাঘ বিহু পালনৰ প্ৰতিটো পৰম্পৰা,নীতি-নিয়ম শিকি-বুজি লবলৈ সংকল্প গ্ৰহণ কৰক।এনে পৰম্পৰা,নীতি-নিয়ম শ্ৰদ্ধাৰে আৰু আন্তৰিকতাৰে পালন কৰক।

Your Comments