জামুগুৰিহাটত বিহু নৃত্য আৰু বিহু ঢোলৰ কৰ্মশালা সম্পন্ন

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

শোণিতপুৰ জিলাৰ জামুগুৰিহাট ব্যৱসায় কেন্দ্ৰৰ নিচেই কাষতে অৱস্থিত পৰিদৰ্শন ভৱনৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা বিহু নৃত্য আৰু বিহু ঢোলৰ প্ৰশিক্ষণৰ কৰ্মশালাখনত যোৱা ১ জানুৱাৰীৰ পৰা অঞ্চলটোৰ বিভিন্ন বয়সৰ প্ৰায় চাৰি শতাধিক  শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।বিহু নৃত্য আৰু বিহু ঢোলৰ প্ৰশিক্ষণ প্ৰদান কৰে বিহুৰ সাধক হিচাপে পৰিচিত নিৰঞ্জন গোস্বামী, বৰ বিহুৱা জয়ন্ত সোণোৱাল আৰু ২০১২ চনত বিহু সমাজ্ঞী হিচাপে নিৰ্বাচিত হোৱা নিলাক্ষী বৰগোহাঁইয়ে ৷ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সৌজন্যত আৰু জামুগুৰিহাটৰ ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত অনুষ্ঠিত এই বিহু নৃত্য আৰু বিহু ঢোলৰ কৰ্মশালাৰ যোৱা ১১ জানুৱাৰীত  সামৰণি পৰে ।

Your Comments