ৰাষ্ট্ৰীয় কাৰাটেত অসম দলৰ সাফল্য

নৰেন শৰ্মা,বাহাৰঘাট:

পশ্চিমবংগৰ খৰগপুৰত কাৰাটে একাডেমিৰ উদ্যোগত যোৱা ৩-৫ জানুৱাৰীলৈ আয়োজিত উনবিংশতম ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ পৰা অংশগ্ৰহণ কৰা খেলুৱৈসকলে সাফল্য অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ইয়াৰ ভিতৰত 
অংকিত বৰ্মনে এটা ৰূপ,এটা ব্ৰঞ্জ;
ৰিতুৰাজ ডেকাই এটা সোণ,এটা ব্ৰঞ্জ;
সুমন ডেকাই এটা সোণ আৰু
সুদৰ্শন পৰাশৰে এটা ৰূপৰ পদক জয় কৰে।সন্থাৰ কোষাধ্যক্ষ কৃষ্ণ কলিতাৰ নেতৃত্বত যোৱা দলটোৰ সফলতাত সন্থাই সন্তুষ্টি প্ৰকাশ কৰি অভিনন্দন জনাইছে৷

Your Comments