অষ্ট্ৰেলিয়াত প্ৰৱল বনজুই:ক্ষতিগ্ৰস্ত ক্ৰীড়াক্ষেত্ৰ

Pic

অষ্ট্ৰেলিয়াৰ ন্যু ছাউথ ৱেলছত এতিয়া প্ৰৱল বনজুই।এই বনজুইৰ প্ৰভাৱত দেশ খনৰ একাংশ এলেকাত প্ৰচুৰ পৰিমাণে বিষাক্ত ধোঁৱা বিয়পি পৰাত জনসাধাৰণৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যহত হৈছে।বনজুইৰ প্ৰভাৱ দেশখনৰ ক্ৰীড়া ক্ষেত্ৰতো পৰিছে।বনজুইৰ বিষাক্ত ধোঁৱাৰ বাবে ৰাজধানী কেনবেৰাত বিগ বেছ ক্ৰিকেট লীগ স্থগিত কৰিব লগীয়া হৈছে।এতিয়া ছিডনীত ৩ জানুৱাৰীৰ পৰা আয়োজিত হ'ব লগীয়া অষ্ট্ৰেলিয়া-নিউজীলেণ্ডৰ টেষ্ট মেচ আয়োজনৰ ক্ষেত্ৰতো বৰ্ধিত ধোঁৱাৰ বাবেই শংকাৰ সৃষ্টি হৈছে।

Your Comments