ৰূপহীহাটৰ অগপৰ সভাত অতুল-কেশৱ-ফণীৰ বিৰুদ্ধে হুংকাৰ যুৱ-ছাত্ৰ পৰিষদৰ:কেব বিৰোধী স্থিতিত নগাঁও জিলা সত্ৰ মহাসভা

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাতো  'কেব'ৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ অব্যাহত আছে।দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত এটা বিশাল বাইক ৰেলী উলিওৱা হয়।সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,অতুল বৰা মুৰ্দাবাদ,কেশৱ মহন্ত মুৰ্দাবাদ,কেব নামানো নামানো আদি শ্ল'গান দি উত্তাল কৰি তোলে।নগাঁও চহৰৰ নতুন বজাৰস্থিত পৰিষদৰ জিলা কাৰ্যালয়ৰ পৰা বাইক ৰেলী আৰম্ভ কৰি দলটো মহখুলি,ৰূপহীহাট,পুৰণিগুদাম,বঢ়মপুৰ, উৰিয়াগাঁও হৈ পুনৰ নগাঁও চহৰলৈ আহে।উল্লেখ্য যে, যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি গীতাৰ্থ কমল শইকীয়া আৰু নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকনৰ নেতৃত্বত যোৱা সমদলকাৰী দলটোৱে ৰূপহীহাটত অনুষ্ঠিত অগপৰ ৰূপহীহাট সমষ্টিৰ বিধান পৰিষদ গঠনৰ সভাত প্ৰৱেশ কৰি অগপ বিৰোধী শ্লোগান দিবলৈ আৰম্ভ কৰে।অগপৰ সম্পাদক মণি মাধৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত সভাখনত যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলে অগপৰ শীৰ্ষ নেতা অতুল বৰা,কেশৱ মহন্ত,ফণীভূষন চৌধুৰীৰ বিৰুদ্ধে শ্লোগান দি জাতিদ্ৰোহী এই তিনি নেতাৰ লগতে নিগম-নিকায়ৰ অধ্যক্ষৰ দায়িত্বত থকা অগপৰ বিধায়ক তথা অগপৰ নেতাসকলক অগপৰ পৰা উলিয়াই দিবলৈ দাবী জনায়।কেব সন্দৰ্ভত যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলে অগপ নেতা মণি মাধৱ মহন্তক কেব সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰাৰ লগতে তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।যুৱ-ছাত্ৰ পৰিষদে সংবাদ মাধ্যমক জনোৱা মতে,মণি মাধৱ মহন্তই কোনো সদুত্তৰ দিব নোৱাৰিলে।পৰিষদৰ সদস্যসকলে কেবক সমৰ্থন কৰা অগপ নেতাসকলক শীঘ্ৰে বহিস্কাৰ কৰি পুনৰ অগপ দল গঠন কৰাৰ দাবী জনায়। যুৱ- ছাত্ৰ পৰিষদৰ সদস্যসকলৰ এনে স্থিতিত সভাত উপস্থিত থকা অগপ নেতা-কৰ্মীসকলে বিব্রতবোধ কৰাৰ লগতে অধিকাংশই সভাস্থলী ত্যাগ কৰে।

আনহাতে,নগাঁও জিলা সত্ৰ মহাসভাৰ দেওবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কেবৰ বিৰুদ্ধে এয়া প্ৰস্তাৱ গ্ৰহণ কৰা হয়।নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ গোপাল মন্দিৰত ডাঃ কেশৱানন্দ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই কেব আহিলে অসমৰ ভাষা-সংস্কৃতি বিপন্ন হোৱাৰ আশংকা কৰি এই কেব বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

 

Your Comments