'মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কথা শুনিবলৈ সাহস গোটাওক'-গুৱাহাটীত :'আছু'ৰ জোঁৰ সমদলত ডঃসমুজ্জল কুমাৰ ভট্টাচাৰ্য

Pic

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মহানগৰীত দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাই উলিয়াই বৃহৎ জোঁৰ সমদল।'আছু'ৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা উলিওৱা সমদলত অংশগ্ৰহণ কৰে সহস্রাধিক প্ৰতিবাদকাৰীয়ে।সৰ্বানন্দ সোণোৱাল জাতিৰ দালাল,বিজেপি চৰকাৰ হুচিয়াৰ,নৰেন্দ্ৰ মোডী হায় হায়, অমিত শ্বাহ মুর্দাবাদ,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰী সোণোৱালক উদ্দেশ্য কৰি কয়-'ৰাজপথত আন্দোলন কৰিয়েই মুখ্যমন্ত্ৰীৰ আসনত বহিছে।এতিয়া ৰাইজৰ কথা শুনিবলৈ কিয় সাহস হোৱা নাই।সাহস গোটাওক।' 'পূৰ্বতেও কংগ্ৰেছ চৰকাৰে ৰাইজৰ অহিংস আন্দোলনক দমন কৰিবলৈ চেষ্টা কৰিছিল,কিন্তু নিটিকিল,উফৰি গল।গতিকে মুখ্যমন্ত্ৰী সোণোৱালেও মনত ৰখা ভাল ৰাইজৰ অহিংস আন্দোলনক দমন কৰিবলৈ চেষ্টা নকৰিব,নিটিকিব, উফৰি যাব। আন্দোলন চলিছিল আৰু চলিব।কাৰণ এইখন অসমীয়া জাতি বাচি থকাৰ সংগ্রাম'-ভট্টাচাৰ্ইয কয়। 'জাগিলে ৰাইজ বাচিব দেশ, নহল হ'ব অসম বাংলাদেশ' বাক্যশাৰীৰ উদ্ধৃতি দি ভট্টাচাৰ্যই কয়-'জাগিছে ৰাইজ,বাচিব অসম।অসমক হ'ব নিদিওঁ বাংলাদেশ ' আনহাতে,দেওবাৰে মুখ্যমন্ত্ৰী সোণোৱালে কেবৰ বিৰুদ্ধে আন্দোলন কৰাসকলক তাচ্ছিল্য কৰি আন্দোলন কৰি জাতি ৰক্ষা কৰিব নোৱাৰে বুলি কোৱা প্ৰসংগত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়-'তেওঁ ওপৰলৈ থু পেলালে আৰু নিজৰ গাতে পৰিছে।নিজে নিজক অপমান কৰিছে।মনত ৰখা ভাল এদিন তেওঁ ছাত্ৰ-ছাত্ৰীক লগত লৈ আন্দোলন কৰিছিল।' 'লগতে মুখ্যমন্ত্ৰীৰ আজিৰ মন্তব্যই তেওঁ যে সেই সময়ত কেৱল সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভাও ধৰি আন্দোলন কৰিছিল,সেই কথা প্ৰমাণ কৰিছে।সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক বিপথে পৰিচালিত কৰিয়ে তেওঁ বৰ্তমানৰ চকীখন পাইছেহি'-গগৈয়ে কয়। 'তেওঁ কেতিয়াও গণতান্ত্ৰিক ব্যৱস্থাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে।কাৰণ গণতান্ত্ৰিক সংগ্রামৰ এটা দায়িত্ব আছে সমাজ পৰিৱৰ্তনত।এই কথাক যদি কোনোবাই স্বীকাৰ কৰিব নিবিচাৰে,তেওঁ অগণতান্ত্ৰিক ক্ষমতাত অন্ধ হৈ ন্যস্ত স্বাৰ্থৰ বাবে সকলো কথা-বতৰা ক'ব পাৰে'-লুৰিণজ্যোতি গগৈয়ে কয়। ইফালে,সমদলৰ আৰম্ভণিৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱাল শ্বহীদ ভৱন পাৰ হৈ ব্ৰহ্মপুত্ৰ অতিথিশালালৈ গৈছিল।সেই সময়ত আছু কর্মীসকলে মুখ্যমন্ত্ৰীগৰাকীক লক্ষ্য কৰি ক'লা পতাকা প্ৰদৰ্শন কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments