নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁৱত 'আছু'ৰ জোঁৰ সমদল

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক: 

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে সন্ধিয়া বঙাইগাঁও চহৰত 'আছু'য়ে এটা জোঁৰ সমদল উলিয়ায় ৷ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উত্তৰ বঙাইগাঁৱৰ পৰা উলিওৱা জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক , বিজেপি চৰকাৰ গ' বেক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ,বাংলাদেশীৰ দালাল সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হুচিয়াৰ, কেব বাতিল হ'বই লাগিব আদি বিভিন্ন শ্লোগান দি চহৰখনৰ মূল পথেৰে সমদল কৰি আহি পাগলাস্থানৰ ৰে'লৱে অভিযান্ত্ৰিক কাৰখানাৰ সন্মুখত সামৰণি মাৰে ৷ জোঁৰ সমদল কাৰ্যসূচীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়েও অংশগ্ৰহণ কৰে।

Your Comments