শিৱসাগৰত 'কেব'ৰ বিৰোধিতাৰে আমৰণ অনশন আৰম্ভ দুজন সচেতন যুৱকৰ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

কেবক লৈ এতিয়া ৰাজ্যৰ চৌদিশ প্ৰতিবাদমুখৰ। ৰাজপথলৈ ওলাই আহিছে দল-সংগঠন আৰু ছাত্ৰ সমাজ। ধৰ্ণা,জোঁৰ সমদল, পুত্তলিকা দাহ প্ৰতিবাদী সভা আদিৰ জড়িয়তে কৰা হৈছে উত্তাল প্ৰতিবাদ। ইফালে,শিৱসাগৰত দুই যুৱকে কৰিছে এক ব্যতিক্ৰমী প্ৰতিবাদ। কেবৰ বিৰোধিতাৰে বহিল আমৰণ অনশনত। 'আমাক হত্যা কৰা নহ'লে,কেব বাতিল কৰা' শ্ল'গান লৈ শিৱসাগৰৰ দুই সচেতন যুৱক জিন্তু মেছ আৰু ওমৰ উল্লাই আজিৰে পৰা মৃত্যু পৰ্যন্ত কেবৰ বিৰোধিতাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা ড:বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত এই আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।তেওঁলোকে মুখ্যমন্ত্ৰীক জাতীয় প্ৰৱঞ্চক আখ্যা দিয়াৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গণশত্ৰু আখ্যা দিয়ে। যদি বিজেপি চৰকাৰে কেব গৃহীত কৰে, তেন্তে কেব বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ হ'বলৈ সাজু বুলি জিন্তু মেছ আৰু ওমৰ উল্লাই মন্তব্য কৰে ।

Your Comments