'অসমত অভাৱনীয় হাৰত কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে'-ডঃ কনকেশ্বৰ ভূঞা  

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

'সম্প্ৰতি অসমত অভাৱনীয় হাৰত কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।বৰ্তমান ৰাজ‍্যখনত প্ৰায় ৪০ হাজাৰ এই ৰোগী চিনাক্ত কৰা হৈছে।'এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট ৰোগ নিয়ন্ত্ৰণ অভিযান আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধ‍্যক্ষ ডাঃ কনকেশ্বৰ ভূঞাৰ।ইলোৰা বিজ্ঞান মঞ্চৰ ঘগ্ৰাপাৰ শাখাৰ উদ‍্যোগত আৰু ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ‍্য কেন্দ্ৰৰ সহাযোগত সোমবাৰে ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কেন্সাৰ বেমাৰ সম্পৰ্কীয় এখন সজাগতা সভাত অংশগ্ৰহণ কৰি বিশিষ্ট চিকিৎসকগৰাকীয়ে সজাগতাৰ অভাৱ আৰু সাধাৰণ বেমাৰক ৰাইজে গুৰুত্ব নিদিয়াৰ বাবেই অসমত কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। ভূঞাই নিজৰ ভাষণত কেন্সাৰ বেমাৰৰ লক্ষণসমূৰ বিষয়ে আলোচনা কৰাৰ লগতে খাদ্য আৰু চাফ-চিকুণতাৰ ক্ষেত্ৰত সচেতন হ'বলৈ ৰাইজক আহ্বান জনায়।বিশিষ্ট প্ৰসূতি চিকিৎসক ডাঃ গোপাল কলিতাই সজাগতা সভাখন মুকলি কৰি ভাষনত মহিলাসকলৰ স্তন আৰু জৰায়ুৰ কেন্সাৰ কিদৰে বিয়পে আৰু স্তন কেন্সাৰ যে বংশগতভাৱে মহিলাৰ দেহলৈ আহে,তাকো বিতংকৈ বাখ্যা কৰে। সমাজকৰ্মী তথা ইলোৰা মঞ্চৰ ঘগ্ৰাপাৰ শাখাৰ সভাপতি অচ্যুত গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনত ডাঃ বি বৰুৱা কেন্সাৰ হাস্পতালৰ অৱসৰী চিকিৎসক ডাঃ নৃপতি কলিতা,ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ‍্য কেন্দ্ৰৰ স্থাস্থ‍্য বিষয়া ডাঃ দিলীপ কলিতা, নলবাৰী জিলাৰ ষক্ষ্মা বিষয়া তথা ডাঃ কৈলাশ ডেকাই সভাখনত অংশগ্ৰহণ কৰি কেন্সাৰ সম্পৰ্কীয় সজাগতামূলক ভাষন প্ৰদান কৰে।ইলোৰা বিজ্ঞান মঞ্চৰ ঘগ্ৰাপাৰ শাখাৰ সম্পাদক প্ৰসন্ন কলিতাই উদ্দেশ্য বাখ্যা আৰু প্ৰভাত শৰ্মাই আঁত ধৰা সজাগতা সভাখনত অঞ্চলটোৰ প্ৰায় পাচঁশতাধিক পুৰুষ - মহিলাই অংশগ্ৰহণ কৰে।

Your Comments