'কেব'ৰ বিৰুদ্ধে কলিয়াবৰত একক প্ৰতিবাদ

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

সোমবাৰে অসম দিৱসৰ দিনা কলিয়াবৰত 'কেব'ৰ বিৰুদ্ধে এককভাৱে প্ৰতিবাদ কৰে এজন নাগৰিক প্ৰদীপ বৰুৱাই।তেওঁ আজি এই প্ৰতিবাদৰ মাজেৰে আহ্বান জনাই কয়-'মাতৃক ৰক্ষা কৰিবলৈ অসমীয়া নেতাৰ প্ৰয়োজন নাই| ৮৫৫ জন শ্বহীদৰ প্ৰাণৰ বিনিময়ত ৬ বছৰীয়া অসম আন্দোলনৰ নেতৃত্ব দি অসম চুক্তিত স্বাক্ষৰিত কৰা প্ৰথমজন নেতা কলিয়াবৰৰ।আজি অসম চুক্তি নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰি জাতিৰ আহ্বানক আওকান কৰি জাতিটোক মৃত্যুৰ মুখলৈ ঠেলি দি কফিনত শেষটো গজাল মৰাজন কলিয়াবৰীয়া।'সোমবাৰে ৰাজপথৰ দাঁতিত অৱস্থান ধৰ্মঘট কৰি কেব বাতিল কৰাৰ লগতে অসম চুক্তি বাহাল ৰখাৰ দাবীত ব্যক্তিগত প্ৰতিবাদ কৰে প্ৰদীপ বৰুৱাই।কেব সমৰ্থন কৰাৰ বাবে অগপ নেতা তথা কলিয়াবৰীয়া মন্ত্ৰী কেশৱ মহন্তৰ লগতে 'অগপ' সভাপতি অতুল বৰাকো তীব্ৰ সমালোচনা কৰি অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসমবাসীক কেবৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনাই প্ৰদীপ বৰুৱা নামৰ ব্যক্তিজনে। প্ৰদেশ কংগ্ৰেছৰ এজন বিষয়ববীয়া এইজন প্ৰদীপ বৰুৱাই কেবৰ বিৰোধিতা কৰিবলৈ কোনো দল অথবা নেতাৰ প্ৰয়োজন নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।আনহাতে,দেশক বিক্ৰী কৰা বদন বৰফুকনৰ দৰে ক্ষমতাৰ খকত বিদেশীৰ হাতত জাতি বিক্ৰী কৰিবলৈ ওলোৱা আঞ্চলিকতাবাদী নেতাৰ বিৰুদ্ধেও সমালোচনাত সৰৱ হ'ল এইজন কংগ্ৰেছী নেতা।কলিয়াবৰৰ কুঁৱৰীটোলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদীপ বৰুৱাই।

Your Comments