বঙাইগাঁৱত প্ৰাথমিক শিক্ষক সন্মিলনীৰ ধৰ্ণা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত শিক্ষা,শিক্ষক আৰু ছাত্ৰ- ছাত্ৰীৰ বিভিন্ন দাবীৰ সমৰ্থনত শনিবাৰে বঙাইগাঁৱতো মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁওস্থিত বিদ্যালয়সমূহৰ উপ- পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিক্ষক- শিক্ষয়িত্ৰীসকলে হাতে-হাতে প্লে'কাৰ্ড লৈ বিভিন্ন দাবীত শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মূলত: নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখা ,সকলো প্ৰকাৰৰ ঠিকাভিত্তিক আৰু বেতন বঞ্চিত শিক্ষকক বিনাচৰ্তে নিয়মীয়াকৰণ কৰা ,প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকক সপ্তম দৰমহা বিধি অনুসৰি প্ৰাপ্য গ্ৰেড-পে আদায় দিয়া,ছাত্ৰ- ছাত্ৰীৰ ঐক্য সাজ যোগান দিয়া,ষষ্ঠ দৰমহা আয়োগৰ বিসংগতি দূৰ কৰি ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰাৰ লগতে সৰ্বভাৰতীয় সমাহাৰৰ দৰমহাৰ ব্যৱস্থা কৰা,নতুন শিক্ষা নীতি ২০১৯ আৰু বিদ্যালয় শিক্ষা আইন ২০১৯ৰ শিক্ষক বিৰোধী দফাসমূহ পৰিহাৰ কৰি শিক্ষক সংগঠনৰ সৈতে আলোচনা নিশ্চিত কৰা,শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাত অংশ লোৱাৰ বাবে বৃত্তিগত প্ৰশিক্ষণৰ প্ৰতিবন্ধকতা দূৰ কৰা আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ক শীঘ্ৰে প্ৰাদেশীকৃত কৰাৰ দাবী জনায় ৷ উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে উপৰোক্ত আঠ দফীয়া দাবীৰ সমৰ্থনত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ জড়িয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

Your Comments