বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চিপিআই(এম)ৰ অৱস্থান ধৰ্মঘট

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত সোমবাৰে বঙাইগাঁৱতো সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই (এম) দলে দুঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে'লৱে অভিযান্ত্ৰিক কাৰখানাৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি নানা শ্ল'গান দিয়াৰ লগতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধেও নানা শ্ল'গান দিয়ে ৷ কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ বুলি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰখন কাৰ্যবাহী দণ্ডাধীশ মাচুম আহমেদে গ্ৰহণ কৰে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত চি পি আই ( এম) দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি পৰিমল চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজিৰে পৰা সংসদৰ যি শীতকালীন অধিৱেশন আৰম্ভ হ'ব সেই অধিৱেশনত অসমৰ জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদ স্বত্বেও নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত উত্থাপন কৰি আইনত পৰিণত কৰিব বুলি বিজেপি চৰকাৰে প্ৰচাৰ চলাইছে তথা যো- যা চলাইছে ৷ আমি অসমৰ বাওঁ গণতান্ত্ৰিক মঞ্চৰ অংশীদাৰ দল হিচাপে বঙাইগাঁও জিলাতো আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু এই বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো ৷ যোৱা লোকসভাৰ অধিৱেশনতো কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন উত্থাপন কৰি আইনত পৰিণত কৰিব বিচাৰিছিল ৷ কিন্তু ৰাজ্য সভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে এই বিধেয়কখন আইনত পৰিণত কৰিব নোৱাৰিলে ৷ কিন্তু এইবাৰ যিহেতু তেওঁলোকে কিছু পৰিমাণে সংখ্যা গৰিষ্ঠতা অৰ্জন কৰিছে, গতিকে বিজেপি চৰকাৰে এইখন আইনত পৰিণত কৰাৰ বাবে আকৰগোজ মনোভাৱ লৈ দেশৰ যি সাম্প্ৰদায়িক সদভাৱ আছে তাক বিনষ্ট কৰাৰ কাৰণে সাম্প্ৰদায়িক দৃষ্টিভংগীত আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষতাক আওকাণ কৰি তেওঁলোকে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কাৰণে এই আইনখন আনিব বিচাৰিছে ৷ যিয়ে আমাৰ দেশৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰক বিনষ্ট কৰিব। ইয়াৰ দ্বাৰা সাম্প্ৰদায়িক ভাগ বটোৱাৰাৰ ৰাজনীতিক বিজেপিয়ে সফল কৰিব বিচাৰিছে ৷ সেয়ে আমি সাম্প্ৰদায়িক ধৰ্ম নিৰপেক্ষতা বিৰোধী এই বিধেয়কখন বাতিল কৰিবলৈ দাবী জনাইছো ৷ আনহাতে ১৯৭১ চনৰ ২৪ মাৰ্চক ভিত্তি হিচাপে লৈ বিদেশী বহিষ্কৰণ আৰু চিনাক্তকৰণৰ বাবে অসম চুক্তি স্বাক্ষৰিত হৈছিল ৷ কিন্তু এই বিধেয়কখনৰ জৰিয়তে অসম চুক্তিকো বাতিল কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে ৷ যি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি বিদেশী সমস্যা বা প্ৰব্ৰজনৰ সমস্যাক জটিল আৰু ভয়াৱহ কৰি তুলিব ৷ কাৰণ এই বিধেয়কখনৰ জৰিয়তো প্ৰব্ৰজনটো যদি অবাধে চলি থাকে তেতিয়াহ'লে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিটো জনগাঁথনিৰ পৰিৱৰ্তন হৈ আৰ্থ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱন বিপন্ন হ'ব আৰু জনসাধাৰণৰো ঐক্য- সংহতি বিনষ্ট হ'ব ৷ লগতে জনসাধাৰণে হেৰুৱাব সুযোগ - সুবিধা ৷ সেয়ে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি ততালিকে বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাই জিলা সভাপতিগৰাকীয়ে ৷ কাৰ্যসূচীত চিপিআই(এম) নেতা হৰেশ্বৰ দাস আদিও উপস্থিত থাকে।

Your Comments