শিৱসাগৰৰ পাঁচ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ:এতিয়াৰে পৰা উপলব্ধ পাঁচ টকাত এসাঁজ ভাত

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :

ব্যক্তিকেন্দ্ৰিক সমাজ-ব্যৱস্থাত আজি কৰবাত যেন হেৰাইছে মানৱতাবোধ। একাংশ মানুহৰ অপৰ্যাপ্ত লোভ-মোহৰ বাবেই চেনেহ,প্ৰীতি আদি শব্দসমূহ আজি কৰবালৈ যেন উৰা মাৰিছে।ধনীক শ্ৰেণী বৰ্তি আছে লাহ-বিলাহত।ইয়াৰ বিপৰীতে আজি এই সভ্য সমাজৰ একাংশ মানুহৰ বাবে আশ্ৰয়স্থল হৈ পৰিছে পদপথ অথবা ৰেল ষ্টেচন। এতিয়াও এসাঁজ ভাতৰ বাবে আমাৰ সমাজত হাহাকাৰ কৰি থকা মানুহ বহু আছে । তেনে সময়তে শিৱসাগৰ নগৰৰ কেইজনমান শিক্ষিত যুৱকে গ্ৰহণ কৰিছে এটা ব্যতিক্ৰমী পদক্ষেপ । সোমবাৰৰ পৰা এই যুৱককেইজনে শিৱসাগৰবাসীক যোগান ধৰিছে পাঁচ টকা মূল্যতে এসাঁজ ভাত ।  নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়ত শিৱসাগৰৰ এই যুৱককেইজনৰ  পদক্ষেপক প্ৰশংসা কৰিছে সচেতন মহলে । উল্লেখযোগ্য যে 'ৰংপুৰ ইনিচিয়েটিভ' নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য দিব্যজ্যোতি শৰ্মা, ৰহমান হুছেইন,কৰিম আলী,আখতাৰ হুছেইন,আহমদ হুছেইনৰ প্ৰচেষ্টাত আজিৰ পৰা শিৱসাগৰৰ বাবুপট্টিত গ্ৰাহকে পাঁচ টকা মূল্যত লাভ কৰিছে এসাঁজ ভাত। সোমবাৰে তেওঁলোকে আনুষ্ঠানিকভাৱে পাঁচ টকা মূল্যৰ ভাতসাঁজৰ বিপনীখন মুকলি কৰে । যুৱককেইজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি সম্পূৰ্ণ নিজা খৰচত তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে। দৈনিক দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজালৈকে বাবুপট্টিত  এই যুৱককেইজনে যোগান ধৰিব পাঁচ টকীয়া এসাঁজ ভাত । ইয়াৰ উপৰিও বিশেষভাৱে সক্ষম লোকসকলক এই কেইজন যুৱকে বিনামূলীয়াকৈও আহাৰ যোগান ধৰে ।  শিবসাগৰীয়া যুৱককেইজনৰ এই পদক্ষেপৰ স্বাভাৱিকতে শলাগ লৈছে স্থানীয় নাগৰিকসকলে।

Your Comments