বঙাইগাঁৱৰ চাপৰাকাটাৰ কৃষি ভূমিত প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপনৰ তীব্র বিৰোধিতা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ চাপৰাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাওৰীয়াকাটা গাঁৱৰ কৃষিভূমিৰ মাজত স্থাপন কৰিবলৈ লোৱা 'নৰ্থ ইষ্ট কেলচিনাৰ প্ৰাইভেট লিমিটেড' (NORTH EAST CALCINER PRIVATE LIMITED) নামৰ উদ্যোগটোৰ নিৰ্মাণ-কাৰ্য বন্ধ ৰখাৰ দাবীত দেওবাৰে স্থানীয় ৰাইজৰ লগতে ৰাভা ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী জাতীয় মহাসভাৰ বিষয়ববীয়াই নিৰ্মীয়মান উদ্যোগটোৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কাম- কাজ বন্ধ কৰি দিয়ে ৷ উল্লেখ্য যে নিৰ্মীয়মান উদ্যোগটো প্ৰদূষণ সৃষ্টিকাৰী কাৰ্বন উদ্যোগ হ'ব বুলি শেহতীয়াকৈ প্ৰচাৰ হোৱাৰ পিচতে স্থানীয় ৰাইজ তথা বিভিন্ন সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যাৰ বাবে স্থানীয় ৰাইজৰ লগতে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মাখন ৰাভা আদি নিৰ্মীয়মান উদ্যোগস্থলীত উপস্থিত হৈ উদ্যোগটোৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি থকা চাইট ইনচাৰ্চ অলোক শৰ্মাৰ পৰা উদ্যোগটোৰ বিষয়ে জানিব বিচাৰে ৷ কিন্তু লোকজনে ৰাইজক উদ্যোগটোৰ পৰা প্ৰদূষণ সৃষ্টি হ'ব নে নহয় তথা কি উৎপাদন হ'ব আদি বিষয়সমূহ বিতংভাৱে অৱগত কৰাত ব্যৰ্থ হয় ৷ তেওঁ এই বিষয়ে ভালকৈ একো ক'ব নোৱাৰিব বুলি কৈ ঢালিগাঁৱৰ শোধনাগাৰৰ পৰা আৰ চি পি আনি ইয়াত উৎপাদিত সামগ্ৰী লো উদ্যোগলৈ প্ৰেৰণ কৰা হ'ব বুলি কৈ বাকী সকলো কথা উৰ্ধতম কৰ্তৃপক্ষইহে জানিব বুলি কয় ৷ পিচত দুই সংগঠনৰ নেতাৰ লগতে ৰাইজে কয় যে যেতিয়ালৈকে প্ৰদূষণ বোৰ্ড, জিলা প্ৰশাসন আৰু উদ্যোগটোৰ কৰ্তৃপক্ষই উদ্যোগটো প্ৰদূষণ মুক্ত বুলি সকলোৰে সৈতে প্ৰমাণিত তথা স্পষ্ট কৰিব নোৱাৰে,তেতিয়ালৈকে সেই স্থানত কোনোপধ্যেই উদ্যোগটো স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৷ লগতে নিৰ্মাণ-কাৰ্যও বন্ধ ৰাখিবলৈ দাবী জনায় ৷

Pic

অন্যথা ইয়াৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন তথা উদ্যোগ কৰ্তৃপক্ষ দায়ী হ'ব বুলিও স্পষ্ট কৰি দিয়ে ৷ ইফালে,কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে সংবাদ মাধ্যমৰ আগত কয়-'উদ্যোগ স্থাপনত আমাৰ কোনো আপত্তি নাই ৷ কাৰণ উদ্যোগ স্থাপনে আমাৰ স্থানীয় শিক্ষিত যুৱকসকলক সংস্থাপিত কৰিব ৷ কিন্তু উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ বাবে এটা নিৰ্দিষ্ট পলিচি থাকে ৷ যেনেকৈ চৰকাৰে কিছুমান ঔদ্যোগিক পাম ঘোষণা কৰে আৰু সেইবিলাক অঞ্চলত ক্ষুদ্ৰ উদ্যোগ বা বৃহৎ উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰে ৷ আজি আমি দেখিছো যে বঙাইগাঁৱৰ চাপৰাকাটা তৃতীয় খণ্ডৰ ভাওৰীয়াকাটা গাঁৱত কাৰ্বন উদ্যোগ এটা প্ৰতিষ্ঠা কৰিবলৈ লৈছে ৷ কিন্তু এইখিনি অঞ্চল সম্পূৰ্ণৰূপে কৃষি ভূমি আৰু চাৰিও ফালে মানুহৰ বসতিপ্ৰধান গাঁওসমূহ আছে ৷ গতিকে এই অঞ্চলত যদি কাৰ্বন উদ্যোগ এটা স্থাপন হয়, তেতিয়াহ'লে স্বাভাৱিকতে ইয়াত প্ৰদূষণৰ সৃষ্টি হ'ব ৷ লগতে অনাগত দিনত খোৱা পানীৰ সমস্যা হ'ব , পৰিৱেশ প্ৰদূষিত হ'ব, কৃষি ভূমি নষ্ট হ'ব, গাওঁসমূহত প্ৰদূষিত ধোঁৱা গৈ মানুহৰ মাজত কেঞ্চাৰকে ধৰি মাৰাত্মক বেমাৰ হ'ব পাৰে ৷ সেয়ে আমি ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডলৈ ইয়াৰ বিৰোধিতা কৰি তথা প্ৰদূষণ সৃষ্টিকাৰী নিৰ্মীয়মান কাৰ্বন উদ্যোগটো বন্ধ কৰাৰ দাবীত পত্ৰ প্ৰেৰণ কৰিছো ৷ তদুপৰি, আমি পূৰ্বৰ জিলা উপায়ুক্ত আৰু বৰ্তমানৰ জিলা উপায়ুক্তকো স্মাৰকপত্ৰ প্ৰদান কৰিছো ৷ আমি কৈছো যে উদ্যোগটো কেনেকৈ তাত স্থাপন কৰিবলৈ অনুমতি দিলে ? আমি জানিব পাৰিছো যে চাপৰাকাটা গাঁও পঞ্চায়তৰ যিগৰাকী সচিব সেই সচিবগৰাকীয়ে অবৈধভাৱে তথা অকৰ্তৃত্বশীলভাৱে এই অঞ্চলটোত উদ্যোগটো স্থাপনৰ বাবে এন অ' চি দিছে ৷ কিন্তু পঞ্চায়তৰ যিসকল জনপ্ৰতিনিধি আছে অথবা গাঁওবুঢ়া তথা স্থানীয় জাতীয় সংগঠনবিলাক আছে, সেই সকলৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই ৷ গতিকে আমি এই অঞ্চললৈ আহিছোঁঁ আৰু ইয়াত নিৰ্মীয়মাণ উদ্যোগটোৰ যিসকল লোক আছে তেওঁলোকৰ লগতে উদ্যোগটোৰ সঞ্চালকৰ সৈতেও টেলিফোনিক কথা পাতিছো আৰু কৈছো যে যেতিয়ালৈকে জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ পৰা উদ্যোগটো স্থাপনৰ পিছত প্ৰদূষণ হ'ব নে নহয় সেই বিষয়ে এটা নিৰীক্ষণ নহয় তথা নিশ্চিতভাৱে নজনাব তেতিয়ালৈকে উদ্যোগটোৰ নিৰ্মাণ কাৰ্য স্থগিত ৰাখিব লাগিব ৷ যদি আমাৰ দাবী মানি নলয়,তেতিয়াহ'লে স্থানীয় ৰাইজকলৈ কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই আন্দোলন কৰিবলৈ বাধ্য হ'ম ৷ ইতিমধ্যে আমি কোচ ৰাজবংশী জাতীয় মহাসভা, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে যোৱা আগষ্ট মাহতে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডলৈ স্মাৰকপত্ৰ দিছো, ছেপ্টেম্বৰ মাহত জিলা উপায়ুক্তক স্মাৰকপত্ৰ দিছো আৰু যোৱা ১৫ নৱেম্বৰটো বঙাইগাঁও জিলাৰ নৱ নিযুক্ত জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিয়া হৈছে।'কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে প্ৰথমতে যেতিয়া এই কাৰ্বন উদ্যোগটোৰ কাম আৰম্ভ কৰিবলৈ লৈছিল তেতিয়া এই অঞ্চলৰ ৰাইজক কৈছিল যে এইটো এটা ষ্টিল কোম্পানী নে ষ্টিল ৰং উৎপাদনৰ উদ্যোগহে হ'ব ৷ কিন্তু আমি প্ৰশাসনৰ পৰা নিশ্চিত হ'লো যে এইটো কোনো ষ্টিল কোম্পানী নহয় ৷ এইটো নৰ্থ ইষ্ট কেলচিনাৰ প্ৰাইভেট লিমিটেড নামৰ এটা পেট্ৰোলিয়াম ক'ক উদ্যোগহে হ'ব বুলি জানিব পাৰিছো ৷ যিটো কলকাতাৰ বণিক গোষ্ঠীৰ দ্বাৰা নিৰ্মাণ কৰি থকা হৈছে ৷ ইয়াৰ পৰা স্পষ্ট হৈছে যে তেওঁলোকে স্থানীয় ৰাইজক মিছা কথাৰে আভুৱাভাৰি এই প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগটো স্থাপন কৰিবলৈ লৈছে ৷ কিন্তু আমি এই কৃষিভূমি তথা জনবসতিপূৰ্ণ অঞ্চলত কোনো কাৰণতে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপন কৰিবলৈ নিদিও ৷ এই ক্ষেত্ৰত আমি স্থানীয় বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু জিলা প্ৰশাসনকো আহ্বান জনাইছো যাতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে ৷ আনহাতে যদি আমাৰ দাবী তথা প্ৰতিবাদ স্বত্বেও এই উদ্যোগটো ইয়াত নিৰ্মাণ হয়, তেতিয়াহ'লে তাৰ ফলত উদ্ভৱ হ'ব পৰা পৰিৱেশ আৰু পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰ দায়ী হ'ব বুলিও স্পষ্ট কৰি দিয়ে ৷ কাৰণ ইতিমধ্যে নিউ বঙাইগাঁৱত স্থাপন কৰা ব্ৰহ্মপুত্ৰ কাৰ্বন উদ্যোগে দোলাইগাঁও অঞ্চলটো কেনেদৰে প্ৰদূষিত হৈছে সকলোৱে জানে ৷ যাৰ বাবে ঢালিগাঁৱত স্থাপন কৰা কাৰ্বন উদ্যোগ এটা বিটিচি প্ৰশাসনে বন্ধ কৰিবলৈ বাধ্য হৈছে বুলিও কয় ৷ সেইদৰে বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মাখন ৰাভাই কয় যে কৃষি ভূমিৰ মাজত স্থাপন কৰি থকা উদ্যোগটো সন্দৰ্ভত প্ৰথম অৱস্থাত আমি ষ্টিল ৰং উৎপাদন কৰিব বুলি শুনিবলৈ পাইছিলো ৷ কিন্তু সময় বাগৰি যোৱাৰ লগে লগে কথাবোৰ ওলোট-পালট হৈ গৈ আছে ৷ আমি পোৱা তথ্য মতে ইয়াত ঢালিগাঁও শোধনাগাৰৰ পৰা আৰ পি চি আনি ইয়াত তাৰ পৰা উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰি ইয়াৰ পৰা বাহিৰলৈ পঠিয়াব ৷ গতিকে আমি ইয়াৰ পৰা এটা কথাই বুজিছো যে ঢালিগাঁৱৰ পৰা আৰ পি চি অনা মানে এইটো কাৰ্বন উদ্যোগেই হ'ব লাগিব ৷ এই বৃহৎ অঞ্চলৰ খেতি পথাৰৰ মাজত আমি কেতিয়াও কাৰ্বন উদ্যোগ নিবিচাৰো ৷ কাৰণ কাৰ্বন উদ্যোগ বিষাক্ত ক্ষতিকাৰক ৷ এই উদ্যোগ প্ৰতিষ্ঠা হ'লে কৃষি ভূমিৰ খেতি নষ্ট হ'ব, পানী দূষিত হ'ব ৷ লগতে ওচৰৰ গাঁৱৰ লোকসকলে নানা বেমাৰত আক্ৰান্ত হ'ব ৷ সেয়ে আমাৰ কথা হ'ল বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন হওক ৷ কিন্তু প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ আমি ইয়াত কেতিয়াও নিবিচাৰো ৷ আমি যেতিয়ালৈকে এই নিৰ্মীয়মান উদ্যোগটোত কি উৎপাদন হ'ব ,প্ৰদূষণ সৃষ্টি কৰিব নেকি আদি কথাবোৰ স্পষ্ট নহ'ব তেতিয়ালৈকে উদ্যোগটোৰ আন্তঃগাথনিৰ নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ দাবী জনায় ৷ জিলা সভাপতিগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে যদিহে নিৰ্মীয়মান উদ্যোগটোৰ কাৰ্বন উদ্যোগ হয়, তেতিয়াহ'লে কোনোপধ্যেই ইয়াত স্থাপন কৰিবলৈ দিয়া নহ'ব আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম ৷ কাৰণ নিউ বঙাইগাঁৱত থকা কাৰ্বন উদ্যোগটোৰ ভয়াৱহ প্ৰদূষণৰ কাৰণে কাষৰ লোকসকলে তাৰ পৰা আন ঠাইত মাটি কিনি আতৰি যাবলৈ ধৰিছে বুলি কৈ বিষাক্ত কাৰ্বন উদ্যোগ স্থাপন হ'বলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে ৷

Your Comments