পেলনীয়া চুম্বকৰে বিদ্যুৎ উৎপাদন কৰি জুৰীয়াৰ দুই ছাত্ৰৰ চমক

Pic

নগাঁও জিলাৰ জুৰীয়াৰ দুজনীয়া ছাত্ৰৰ দলে পেলনীয়া চুম্বকৰে বিদ্যুৎ উৎপাদন কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।  আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জুৰীয়া খণ্ডৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিজ্ঞান সমাৰোহ উপলক্ষে আয়োজিত বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাত অংশ গ্ৰহণ এইদৰে দুগৰাকী ছাত্ৰ‌ই চম্বকৰে বিদ্যুৎ উৎপাদন কৰিব পৰা এটা আৰ্হি প্ৰস্তুত কৰি নতুন কৌশল উদ্ভাৱনৰে প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে। স্থানীয় দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ শ্বৰিফুল ইছলামৰ নেতৃত্বত এই দুগৰাকী ছাত্ৰই ইলেকট্ৰনিক বিভিন্ন পেলনীয়া সামগ্ৰীৰ পৰা বুটলি লোৱা চুম্বকৰে দৈনন্দিন ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় বিদ্যুৎ উৎপাদন কৰাৰ আৰ্হি প্ৰস্তুত কৰিছে। তেওঁলোকে সৰু সৰু কেবাটাও চুম্বক ব্যৱহাৰ কৰি ১ ভল্টৰ বাল্প জ্বলাই দেখুৱাবলৈ সক্ষম হৈছে। খণ্ড পৰ্যায়ত অনুষ্ঠিত বিজ্ঞানৰ এই প্ৰতিযোগিতাখনত আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰ মুজাহিদুল ইছলামৰ দলে দ্বিতীয় আৰু জুৰীয়া ডন বস্ক স্কুলৰ ছাত্ৰী লাবিবা নাছৰিনৰ দলে তৃতীয় স্থান দখল কৰে। পুৱা পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা বিজ্ঞান সমাৰোহৰ আন কাৰ্যসূচী অনুসৰি অনুষ্ঠিত ছবি অঁকা প্ৰতিযোগিতাত হৃদয় ৰঞ্জন শ‌ইকীয়া প্ৰথম, আৰফিন চাবিকুন নেহাৰ দ্বিতীয় আৰু মাছুদ আহমেদে তৃতীয় স্থান লাভ কৰে। এই প্ৰতিযোগিতাখন পৰিচালনা কৰে বিশিষ্ট চিত্ৰশিল্পী দিব্যজ্যোতি বৰুৱাই। আনহাতে, আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে গৌৰৱ শ‌ইকীয়া, দ্বিতীয় হৃদয় হাৰদিক  ৰঞ্জন শ‌ইকীয়া আৰু ৰশ্মি আক্তাৰে তৃতীয় স্থান দখল কৰে। বিয়লি আবু ছাদিক কবিৰে আঁত ধৰা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰটোৰ সমন্বয়ক নাজিম আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত অনন্ত কুমাৰ গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়-'বিজ্ঞান আৰু প্ৰযুক্তি অবিহনে আধুনিক সমাজৰ কল্পনা কৰিব নোৱাৰি। কাৰণ যিকোনো কাম কৰিবলৈ বিজ্ঞানৰ প্ৰয়োজন।'তেওঁ লগতে কয় যে বিজ্ঞানৰ পয়োভৰ হ'লেই সকলো কাম সহজ হৈ পৰে। আচলতে সমগ্ৰ পৃথিৱীখন বিজ্ঞানে এখন গাঁৱলৈ পৰিনত কৰিছে। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বিজ্ঞানৰ উপকাৰিতাৰ কথা উল্লেখ কৰি বিজ্ঞানক সৃষ্টিশীল কামত ব্যৱহাৰ কৰিবলৈ ছাত্র-ছাত্ৰীসকলক আহ্বান জনায়।উক্ত অনুষ্ঠানত চিলঙনী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড: দীনেশ হাজৰিকাই অংশগ্ৰহণ কৰি বিজ্ঞান-প্ৰযুক্তিক সঠিক ৰূপত ব্যৱহাৰ কৰি সমাজখনৰ পৰিৱৰ্তন কৰিবলৈ সকলোকে আহ্বান জনায়। সমাৰোহত বঁটা বিতৰণী সভাখনৰ আঁত ধৰে বিজ্ঞান কেন্দ্ৰৰ সহকাৰী সমন্বয়ক মাজিদুল ইছলামে।সভাখনত আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক আবুল বাসাৰ মাহমুদ, শিক্ষাবিদ ক্ৰমে ফজলুল হক মৰল, আব্দুল আলী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে হাফিজ উদ্দিন পাঠান, ফজলুল হক, জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ পৰিদৰ্শক প্ৰেমধৰ শৰ্মা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

Your Comments