বঙাইগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে ড° সাদনেক সিঙৰ কাৰ্যভাৰ গ্ৰহণ

Pic

বঙাইগাঁঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড° সাদনেক সিঙে কাৰ্যভাৰ গ্ৰহণ কৰিছে ৷ কামৰূপ (মহানগৰ)ৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা ড° সানদেক সিঙক অসম চৰকাৰৰ এএ /১৩৭/ ২০১৯ /৮-ই নিৰ্দেশমৰ্মে ৬ নৱেম্বৰত পদোন্নতিসহ বঙাইগাঁও জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছিল ৷ সেইমৰ্মে নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে সোমবাৰে বিয়লি বঙাইগাঁৱত উপস্থিত হৈ বিদায়ী জিলা উপায়ুক্ত আদিল খানৰ পৰা নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰে ৷ কাৰ্যভাৰ গ্ৰহণৰ পিচতে কাৰ্যালয়টোৰ সকলো বিষয়া-কৰ্মচাৰীয়ে নৱ-নিযুক্ত উপায়ুক্তগৰাকীক আদৰণী জনায় ।
উল্লেখ্য যে জিলাখনৰ পূৰ্বৰ জিলা উপায়ুক্ত আদিল খানক ৰাজ্য চৰকাৰে পৰিবহণ বিভাগৰ আয়ুক্ত হিচাপে বদলি কৰিছে ৷ ইয়াৰ উপৰিও তেওঁক অসম আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালকৰ অতিৰিক্ত দায়িত্বভাৰ অৰ্পণ কৰা হৈছে ৷

প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও//19
9435243911

Your Comments